হাউলীৰ হাজীপাৰাত চাঞ্চল্যকৰ ঘটনা; মহিলাৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত কিশোৰ

বৰপেটা জিলাৰ হাউলীৰ হাজীপাৰাত সংঘটিত এক ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী মহিলাই পূৰ্বৰ কাজিয়াৰ পোতক তুলিবলৈ এটি কিশোৰক দাৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, শুকুৰি খাতুন নামৰ এগৰাকী মহিলাই কিশোৰজনৰ বাট আগচি ধৰে। তাৰ পাছত কিশোৰজনক জোৰকৈ নিজৰ ঘৰলৈ টানি নি দাৰে মূৰত ঘপিয়াই গুৰুতৰভাৱে আহত কৰে বুলি অভিযোগ উঠিছে।

ঘটনাটোত কিশোৰজনৰ মূৰত গুৰুতৰ আঘাত লাগে। পাছত স্থানীয় ৰাইজে আহত কিশোৰজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

পূৰ্বৰ কোনো কাজিয়াৰ ঘটনাক কেন্দ্ৰ কৰি আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উঠিছে। অৱশ্যে ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু আক্ৰমণৰ সম্পূৰ্ণ পৰিস্থিতি আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।

ইফালে, ঘটনা সন্দৰ্ভত কিশোৰজনৰ আত্মীয়ই সংশ্লিষ্ট থানাত এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰাৰ লগতে অভিযোগৰ সত্যতা নিৰূপণৰ বাবে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অনলাইন প্ৰৱঞ্চনাৰ জালত পৰাৰ পৰা হওক সাৱধান; অনলাইন প্ৰৱঞ্চনাৰ বলি হৈ ধন হেৰুৱালে শোণিতপুৰৰ মহিলাই

অনলাইন প্ৰৱঞ্চনাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এগৰাকী মহিলাৰ পৰা ধন...

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ইতিহাসৰ পুনৰস্মৰণ, উন্মোচিত মণিৰাম দেৱানৰ প্ৰতিমূৰ্তি

ঐতিহাসিক গুৱাহাটী চাহ নিলাম কেন্দ্ৰত আজি চাহ উদ্যোগৰ সৈতে...

টিংখাঙত অইল সুৰক্ষা কৰ্মীৰ বিশেষ সভা; অধিকাৰৰ দাবীত ঐক্যবদ্ধ সহস্ৰাধিক কৰ্মী

অইল ইণ্ডিয়া লিমিটেড (OIL), অইল এণ্ড নেচাৰেল গেছ কৰ্প’ৰেচন...