ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ত দলত স্থান পাবনে কোহলীয়ে?

ভাৰতৰ আৰু ইংলেণ্ডৰ মাজত আজি এজবাষ্টনত অনুষ্ঠিত হ’ব দ্বিতীয় খন টি-২০ মেচ। প্ৰথমখন মেচত ৫০ ৰানত শক্তিশালী ইংলেণ্ডৰ দলটোক পৰাস্ত কৰিছিল টীম ইণ্ডিয়াই। হাৰ্দিক পাণ্ডিয়াৰ দুৰ্দান্ত অলৰাউণ্ড প্ৰদৰ্শন, দীপক হুদা, সূৰ্যকুমাৰ যাদৱ আৰু অন্যান্য বেটছমেনৰ আকৰ্ষণীয় ইনিংছৰ সহায়ত সহজে জয় লাভ কৰিছিল টীম ইণ্ডিয়াই।

কিন্তু ভাৰতীয় প্ৰশিক্ষণ ষ্টাফৰ বাবে দ্বিতীয়খন মেচত দলত কোন খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰিব সেই বিষয়টো হৈ পৰিছে সকলোৰে মূৰৰ কামোৰণি। কাৰণ আজিৰ মেচখনত টীম ইণ্ডিয়ালৈ উভতি আহিছে তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী, ঋষভ পন্ত, ৰবীন্দ্ৰ জাদেজা আৰু যশপ্ৰীত বুমৰাহ।

এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন, বিগত কেইখনমান টি-২০ত দীপক হুদাৰ উচ্চ মানৰ প্ৰদৰ্শনে দৃষ্টি আকৰ্ষণ কৰিছে অনুৰাগীৰ। হুদাই কোহলীৰ ঠাইত বেটিং কৰিছিল আৰু ইন ফৰ্ম থকা দীপক হুদাক কোহলীৰ বাবে দলৰ পৰা বাহিৰ কৰে নে নাই সেইটো হে হ’ব লক্ষণীয়।

ফৰ্মত নথকা কোহলী আজিৰ মেচখনত স্থান পাই নে নাই সেইটো এতিয়া এটা ডাঙৰ প্ৰশ্ন। ভাৰতীয় দলৰ প্ৰাক্তন বলাৰ জাহিৰ খানৰ মতে দ্বিতীয় টি-২০ত ভাৰতীয় একাদশত সলনি কৰিব নালাগে। তেওঁৰ মতে যদিও কোহলী, পন্ত, বুমৰাহ, জাদেজা আদিৰ দৰে তাৰকা খেলুৱৈসকল উভতি আহিছে তথাপিও মূল একাদশত অন্তৰ্ভুক্ত কৰিব নালাগে বুলি মন্তব্য কৰিছে জাহিৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...