ইলন মাস্কে নিকিনে টুইটাৰ!

বিলিয়নাৰ ইলন মাস্কে টুইটাৰ ক্ৰয়ৰ বাবে কৰা ৪.৪ বিলিয়ন টকাৰ চুক্তি বাতিল কৰিছে। বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজনে অভিযোগ কৰিছে যে টুইটাৰে তেওঁক ভুৱা টুইটাৰ একাউণ্টৰ বিষয়ে কোনো তথ্য দিব নোৱাৰিলে। গতিকে তেওঁ টুইটাৰ ক্ৰয় কৰাৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লয়।

২৫ এপ্ৰিলত টুইটাৰৰ মালিক হৈছিল মাস্ক। তেওঁ কোম্পানীটো প্ৰায় ৪.৪ বিলিয়ন টকাত ক্ৰয় কৰিছিল। টুইটাৰ ক্ৰয় কৰিবলৈ তেওঁ বেংকৰ পৰাও বৃহৎ পৰিমাণৰ ঋণ লৈছিল। আনকি তেওঁ ঋণদাতাসকলক কয় যে কোম্পানীটোৰ একাংশ শীৰ্ষ কৰ্মচাৰীৰ দৰমহা হ্ৰাস কৰি খৰচ হ্ৰাস কৰিব আৰু কিছু কৰ্মচাৰী কৰ্তন কৰিব। কিছুদিন পূৰ্বে মাস্কে টুইট কৰিছিল যে টেছলাত খালী পদ আছে। মাস্কৰ অধিবক্তাই কয় যে তেওঁলোকৰ প্লেটফৰ্মত ভুৱা বা স্পেম একাউণ্টৰ তথ্যৰ বাবে একাধিক অনুৰোধৰ প্ৰতি টুইটাৰে কোনো সঁহাৰি নিদিলে। গতিকে তেওঁলোকে এই সিদ্ধান্তৰ পৰা আঁতৰি গৈছে।

মাস্কৰ এই সিদ্ধান্তত স্বাভাৱিকতে ক্ষুব্ধ টুইটাৰ। কোম্পানীটোৰ অধ্যক্ষ ব্ৰেট টেইল’ই কয় যে তেওঁলোকে আইনী ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিছে। অৰ্থাৎ আমেৰিকাৰ কোটিপতিগৰাকী আৰু ১৮ বছৰীয়া ছান ফ্ৰান্সিস্কোৰ প্ৰতিষ্ঠানটোৰ মাজত দীৰ্ঘদিনীয়া আইনী যুঁজ এখন যে চলিব সেয়া প্ৰায় নিশ্চিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...