কৰ্ণাটকত পুনৰ উত্থান ঘটিব নেকি কংগ্ৰেছৰ?

কৰ্ণাটকত পুনৰ উত্থান ঘটিব নেকি কংগ্ৰেছৰ? কৰ্ণাটক বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছ–বিজেপিকে ধৰি প্ৰতিটো ৰাজনৈতিক দলেই তৎপৰ হৈ উঠাৰ সময়তে C-ভোটাৰৰ চূড়ান্ত অপিনিয়ন প’লত ইয়াৰেই ইংগিত দেখিবলৈ পোৱা গৈছে। C-ভোটাৰৰ সমীক্ষা অনুসৰি এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছেই ১১০ৰ পৰা ১২২খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কৰ্ণাটকত ১০ কিলোমিটাৰ জোৰা ৰোড শ্ব’ত অংশগ্ৰহণ কৰি ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা চলায়।

কোন দলে কৰ্ণাটকত লাভ কৰিব সংখ্যাগৰিষ্ঠতা?

ৰাজ্যখনত পুনৰ উত্থান ঘটিব নেকি কংগ্ৰেছৰ?

C-ভোটাৰৰ অপিনিয়ন প’লত নতুন তথ্য

শেহতীয়া সমীক্ষা অনুসৰি ১১০-১২২খন আসন লাভ কৰিব কংগ্ৰেছে

বিজেপিয়ে লাভ কৰাৰ সম্ভাৱনা ৭৩ৰপৰা ৮৫খন আসন

C-ভোটাৰৰ চূড়ান্ত অপিনিয়ন প’লৰ তথ্যত শেহতীয়াকৈ কৰ্ণাটক বিধানসভা নিৰ্বাচন সম্পৰ্কত প্ৰকাশ পাইছে কেতবোৰ নতুন তথ্য। ৰাজ্যখনৰ ২২৪খন আসনত অহা ১০ মে’ত অনুষ্ঠিত হ’‍বলগীয়া বিধান সভা নিৰ্বাচনত কংগ্ৰেছে ১১০ৰ পৰা ১২২খন আসনত জয় লাভ কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে C-ভোটাৰে। চৰকাৰ গঠনৰ বাবে ৰাজ্যখনত ১১৩খন আসন লাভ কৰাৰ প্ৰয়োজন আৰু এইবাৰৰ নিৰ্বাচনৰ জৰিয়তে কংগ্ৰেছে অনায়াসে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’‍ব বুলি প্ৰকাশ কৰা হৈছে। ইয়াৰ বিপৰীতে বিজেপিয়ে ৭৩ৰ পৰা ৮৫খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। ২০১৮ৰ নিৰ্বাচনত গেৰুৱা দলটোৱে ১০৪খন আসনত বিজয়ী হৈছিল। আনহাতে C-ভোটাৰৰ সমীক্ষা অনুসৰি JDS–এ ২১ৰ পৰা ২৯খন আসন আৰু অন্যান্য দলে ২খনৰ পৰা ৬খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ আন শীৰ্ষ নেতাসকলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ব্যাপক নিৰ্বাচনী প্ৰচাৰত ভাগ লয়। শনিবাৰে ২৬ কিলোমিটাৰজোৰা ৰোড শ্ব’ত অংশগ্ৰহণৰ পিছত

দেওবাৰে বাংগালুৰুত মোদীৰ ১০ কিলোমিটাৰ জোৰা লোৰ শ্ব’

NT ৰোড’ৰ পৰা ট্ৰিনিটি চাৰ্কললৈ মোদীৰ ৰোড শ্ব’

পথৰ দুয়ো কাষৰ পৰা মোদীলৈ পুষ্প বৰ্ষণ হাজাৰ হাজাৰ লোকৰ

উল্লেখ্য যে, শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ২৬ কিলোমিটাৰ জোৰা ৰোড শ্ব’ত ভাগ লয় যদিও দেওবাৰে অনুষ্ঠিত NEET পৰীক্ষাৰ বাবে বিজেপিয়ে মোদীৰ ৰোড শ্ব’ৰ দৈৰ্ঘ হ্ৰাস কৰাৰ সিদ্ধান্ত লয়। ইপিনে কৰ্ণাটকৰ নিৰ্বাচনৰ প্ৰচাৰত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। যোৱা ২দিনত কেবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী হিমন্তই দেওবাৰে মাংগালুৰুত অনুষ্ঠিত নিৰ্বাচনী সভাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লয়। কংগ্ৰেছ ক্ষমতালৈ আহিলে কৰ্ণাটকত আঢ়ৈ লাখ যুৱক–যুৱতীক চাকৰি দিয়া হ’ব বুলি ৰাহুলে প্ৰদান কৰা প্ৰতিশ্ৰুতি সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্তই কয় যে ৰাহুল গান্ধীৰ এই প্ৰতিশ্ৰুতিৰ কোনো মূল্য নাই।

উল্লেখ্য যে নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছে চৰকাৰী চাকৰি আৰু শিক্ষা প্ৰতিষ্ঠানত সংৰক্ষণৰ হাৰ ৭৫ শতাংশলৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে। ইতিমধ্যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰ্ণাটকত কেবাখনো নিৰ্বাচনী সভাত ভাগ লোৱাৰ পিছত দেওবাৰে অসুখীয়া দেহাৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়েও নিৰ্বাচনী সভাত ভাগ লয়।  

NKTV Digital
Author: NKTV Digital

234 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...