কিয় ভাৰত- শ্ৰীলংকাৰ আগন্তুক টেষ্ট মেচক লৈ দেশজুৰি চৰ্চা?

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বেংগালুৰুত শ্ৰীলংকাৰ বিৰুদ্ধে এই বছৰৰ প্ৰথমখন দিবা-নৈশ টেষ্ট মেচ অনুষ্ঠিত কৰাৰ কথা বিবেচনা কৰি আছে। ৱেষ্ট ইণ্ডিজৰ সৈতে এদিনীয়া আৰু টি-২০ শৃংখলা সমাপ্ত হোৱাৰ পিছত শ্ৰীলংকাৰ দলটোৱে ভাৰত ভ্ৰমণ কৰিব। শ্ৰীলংকাৰ সৈতে টেষ্ট শৃংখলাৰ উপৰিও ৩খন টি-20 মেচৰ শৃংখলা খেলিব ভাৰতে।

অৱশ্যে শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ বেংগালুৰুত দিবা-নৈশ হিচাপে খেলিব নে স্বাভাৱিকভাবে খেলিব সেয়া এতিয়ালৈকে আনুষ্ঠানিকভাবে ঘোষণা কৰা নাই BCCI-এ।

দৰাচলতে, শ্ৰীলংকা দলটোৱে ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত ভাৰত ভ্ৰমণলৈ আহিব। ২৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ মাৰ্চৰ ভিতৰত দুয়োখন দেশৰ মাজত দুখন টেষ্ট আৰু ৩খন টি-২০ খেল অনুষ্ঠিত হ’ব। প্ৰথমখন টেষ্ট মেচ ২৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব। অৱশ্যে এই সূচীৰ পৰিৱৰ্তন হোৱাৰো সম্ভাৱনা আছে, কিয়নো শ্ৰীলংকাৰ বোৰ্ডে বিচাৰিছে যে টেষ্ট শৃংখলাৰ পূৰ্বে টি-২০ শৃংখলা অনুষ্ঠিত হওক।

যদি শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট বেংগালুৰুত হয়, তেন্তে কোহলীৰ এইখন শততম টেষ্ট মেচ হ’ব। দিল্লীৰ পিছত বেংগালুৰুক কোহলিৰ দ্বিতীয় ঘৰ বুলি গণ্য কৰা হয়। কোহলীয়ে আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বা আৰচিবিৰ সৈতে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু এতিয়াও আৰচিবিৰ হৈ খেলি আছে কোহলিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...