কিহৰ অংকত ব্যস্ত মোদী-ভাগৱত?

✒️অচিন্ত্য শৰ্মা

আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ শেহতীয়া মুছলিম তোষণকাৰী ভাষণ আৰু বিজেপিৰ প্ৰখৰ ৰাষ্ট্ৰবাদী মুখপাত্ৰ নুপুৰ শৰ্মাৰ লগতে দলৰ তথ্যপ্ৰযুক্তি কোষৰ কাৰ্যকৰ্তা নবীন জিন্দালৰ অবাঞ্ছিত নিলম্বণ; এই দুই ঘটনাই আজিও জোকাৰি আছে দেশৰ ৰাষ্ট্ৰবাদী শিবিৰক। কিয় আৰ এছ এছৰ নিচিনা সংগঠন এটাৰ মুৰব্বীগৰাকীৰ কাৰ্যত: মুছলমানক তৈলমৰ্দন কৰাত ব্যস্ত হল আৰু কিয় মোদীৰ নিচিনা ৫৬ ইঞ্চিৰ বুকু থকা প্ৰধানমন্ত্ৰীগৰাকীয়ে মুছলিম দুনিয়াৰ ধমকিত শিৰ নত কৰি নুপুৰ নবীনক নিলম্বিত কৰিলে; তাক লৈ হিন্দুত্ববাদী শিবিৰৰ মাজত অব্যাহত আছে বিচাৰ বিশ্লেষণ।

ইতিমধ্যে দুয়োটা পৰিঘটনাক লৈ বিভিন্ন তত্বৰ সৃষ্টি হৈছে যদিও কোনোটো তত্বই প্ৰমাণ সহকাৰে প্ৰতিস্থিত হোৱা নাই। শেহতীয়াভাবে সংঘ পৰিবাৰৰ ঘনিষ্ঠ এক উচ্চস্তৰীয় সূত্ৰই NKTVক জনোৱামতে দৰাচলতে ভাগৱত আৰু মোদী, উভয়ে এইবাৰৰ ভাষ্য আৰু কাৰ্যৰ লগত জড়িত আছে জটিল ৰাজনৈতিক অংক। এইবাৰৰ ডিচেম্বৰ মাহত গুজৰাট আৰু হিমাচলপ্ৰদেশ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হব। অহাবছৰ মাৰ্চৰ পৰা ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হব দেশৰ ৯ খনকৈ ৰাজ্য; মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, কৰ্ণাটক, চত্তিশগড়, মধ্যপ্ৰদেশ, মিজোৰাম, ৰাজস্থান আৰু তেলেংগানাৰ নিৰ্বাচন। ২০২৪ চনৰ মে’ৰ পৰা ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হব অন্য ৭খন ৰাজ্য ছিক্কিম, অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, উৰিষ্যা, হাৰিয়ানা ,মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ নিৰ্বাচন। আনহাতে ২০২৫ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী বিধানসভাৰ নিৰ্বাচন। ইয়াৰে ২০২৪ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন। অৰ্থাৎ পৰবৰ্তী প্ৰায় আঢ়ৈ বছৰ ধৰি ভাৰতত চলিব নিৰ্বাচনৰ ধাৰাবাহিকতা। আৰু উক্ত নিৰ্বাচনসমূহত বহুখিনি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব ইতিমধ্যেই উচ্চ জন্মহাৰেৰে জনবিস্ফোৰণ ঘটোৱা মুছলমান সম্প্ৰদায়ৰ ভোটাৰ। সেয়ে পৰবৰ্তী নিৰ্বাচনসমূহৰ বাবে বিজেপিক যেনেতেনে লাগে মুছলমানৰ ভোট। কাৰণ দলটোৱে আশা কৰা ধৰণে হিন্দু ভোটৰ ধ্ৰুৱীকৰণ কৰিব পৰা নাই। আনহাতে একেটা সূত্ৰই আৰু জনোৱামতে অন্য এক গণিতেৰে বিজেপি তথা সংঘ পৰিবাৰে লৈছে মুছলিম তোষণৰ সিদ্ধান্ত। সূত্ৰটোৰমতে, দলৰ থিংক টেংকৰ একাংশই ভাবে যে, হিন্দুৰ ভোট বিজেপিৰ বাবে নিশ্চিত। কাৰণ আজিৰ তাৰিখত বিজেপিক ভোট দিয়াৰ বিকল্প নাই ভাৰতীয় হিন্দু সন্মুখত। এনে অৱস্থাত যদি মুছলমান ভোটখিনিও বিজেপি পক্ষলৈ টানিব পৰা যায়, তেনেহ’লে এখন বিৰোধীমুক্ত ভাৰত গঢ়াতো সম্ভৱ হ’ব আৰু দেশৰ বহুদিনলৈ চলিব বিজেপিৰ দলীয় একনায়কত্ববাদ। আৰু সেইবাবেই আজি ভাগৱত মোদী ব্যস্ত অভূতপূৰ্ব মুছলিম তোষণত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...