বাঢ়িছে মাক্সিং পক্সৰ সংক্ৰমণ, SOP প্ৰকাশ কৰিব নেকি চৰকাৰে?

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে বিশ্বত এইবাৰ নতুনকৈ মাক্সিং পক্সৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী ড০ টেড্ৰ’ছ আধানোম গেব্ৰেয়াছুছে বুধবাৰে বিশ্বৰ ২৯ খন দেশত ১০০০ কৈ অধিক মাংকি পক্সৰ সংক্ৰমণ ধৰা পৰিছে বুলি উল্লেখ কৰিছে। অৱশ্যে, মাংকি পক্সৰ সংক্ৰমণ ধৰা পৰিলেও এইকেইখন দেশত এতিয়ালৈ কোনো লোক মাংকি পক্সৰ সংক্ৰমণৰ ফলত মৃত্যু মুখত পৰা নায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ প্ৰতিৰোধী কেন্দ্ৰই ৮ জুন পৰ্যন্ত মাংকি পক্সৰ সংক্ৰমণ ধৰা পৰা দেশ সমূহৰ তালিকা প্ৰস্তুত কৰি উলিয়াইছে। এই তালিকা অনুসৰি য়ুনাইটেড কিংদমত সৰ্বাধিক ৩২১ গৰাকী লোকৰ শৰীৰত মাংকি পক্সৰ সংক্ৰমণ ধৰা পৰিছে। ইউনাইটেড কিংদমৰ লগতে স্পেইনত ১৯৮ গৰাকী, পৰ্টুগালত ১৯১ গৰাকী, জাৰ্মানীত ১১৩ গৰাকী, কানাডাত ১০০ গৰাকী, ফ্ৰান্সত ৬৬ গৰাকী লোকৰ শৰীৰত মাংকি পক্স ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।ইটালী, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী, লাটভিয়া, মাল্টা, নৰোৱে আদি দেশতো মাংকি পক্সৰ সংক্ৰমণ ধৰা পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...