তিনিটা পৰ্যায়ৰ নিৰ্বাচনে কি ইংগিত দিছে?

তিনিটা পৰ্যায়ৰ নিৰ্বাচনে কি ইংগিত দিছে?
ভোটদান হ্ৰাসে বিপদ আনিব নেকি বিজেপিলৈ?
শংকাত শাসক পক্ষ, ইতিহাস চিন্তাৰ কাৰণ

ইতিমধ্যে দেশত অন্ত পৰিছে তিনিটা পৰ্যায়ৰ নিৰ্বাচন। এই ৩ পৰ্যায়ৰ নিৰ্বাচনত পূৰ্বৰ তুলনাত ভোটদানৰ হাৰ কমিছে। অসমকে ধৰি দুই এখন ৰাজ্যত পূৰ্বৰ দৰে ভোটদানৰ ভোটাৰৰ উৎসাহ দেখা গৈছে যদিও আন ৰাজ্যসমূহত কমিছে ভোটদানৰ হাৰ।

তিনিটা পৰ্যায়ত ২৮৩ খন আসনত সম্পন্ন নিৰ্বাচন
অৰ্থাৎ ৫০ শতাংশৰো বেছি আসনৰ নিৰ্বাচন হৈ গৈছে

নিৰ্বাচন অনুষ্টিত হৈ যোৱা আসনসমূহৰ কোনো কিমানখন আসন লাভ কৰিব। শাসক–বিৰোধীৰ মাজত আৰম্ভ হৈছে অংক। জনগাঁঠনি, পূৰ্বৰ ইতিহাস খুচৰি ৰাজনৈতিক দল আৰু ৰাজনৈতিক বিশেষজ্ঞসকলে অনুমান কৰিছে

নিৰ্বাচন অনুষ্ঠিত হোৱা তিনিটা পৰ্যায়ত ‘অশনিসংকেট’ আহিছে বিজেপিলৈ!
১৯৯৯ চনৰ নিৰ্বাচনক বাদ দি ভোটদান হ্ৰাস পোৱা প্ৰতিটো নিৰ্বাচনে চৰকাৰ সলনি কৰিছে

এনে ইতিহাসেই বিজেপিক শংকিত কৰিছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰত সামান্য ভোটদান বৃদ্ধি পালেও বিহাৰত হ্ৰাস পাইছে ভোটদানৰ হাৰ। তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত ৯৩ খন আসনৰ ৭১ খন আসন ২০১৯ত বিজেপিৰ দখললৈ আহিছিল যদিও এইবাৰ ভোটদান হ্ৰাস পোৱাত চিন্তিত হৈছে বিজেপি। ১৯৮৯ চনত বিশ্বনাথ প্ৰতাপ সিঙে চৰকাৰ গঠন কৰাৰ পৰা চলি আছে এটা বিশেষ প্ৰক্ৰিয়া

১৯৯১ৰ নিৰ্বাচনত হ্ৰাস পাইছিল ভোটদান
ক্ষমতালৈ আহিছিল নৰসিংহ ৰাও চৰকাৰ

ব্যতিক্ৰম আছিল ১৯৯৯ চন। ১৩ মহীয়া কাৰ্যকালৰ পিছত ভোটদানৰ হাৰ হ্ৰাস পোৱাতো পুনৰ পূৰ্ণাংগ কাৰ্যকালৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হৈছিল অটল বিহাৰী বাজপেয়ী।

২০০৪ চনত ভোটদান হ্ৰাস পায় ৪৮.৭৪ শতাংশলৈ
ক্ষমতালৈ আহিছিল মনমোহন সিং চৰকাৰ

ইয়াৰ পিছত ২০১৪ আৰু ২০১৯ ত দেশত মোদীৰ বতাহ বলে। ভোটদানৰ হাৰ বৃদ্ধি পায়। কিন্তু এইবাৰ মোদীৰ বতাহে কিমান কামত দিব তাক লৈ শংকা দেখিছে একাংশ বিজেপি নেতা–কৰ্মীয়ে। সেয়ে ভোটদানৰ হাৰ হ্ৰাস পোৱাত শংকিত হৈছে বিজেপি। অৱশ্যে এতিয়াও চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ বাকী আছে। দৃশ্যপট সলনি হ’ব বুলি আশা কৰিছে শাসকীয় NDAই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...