কোন হ’ব মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

মণিপুৰত কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী? সিদ্ধান্তলৈ আহিব পৰা নাই বিজেপি। এন বীৰেন সিঙৰ পদত্যাগৰ পিছত নেতা নিৰ্বাচনত ব্যৰ্থ বিজেপি।

বিজেপিৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক সম্বিত পাত্ৰৰে ৰাজ্যিক সভাপতিৰ বৈঠক। বিজেপি ৰাজ্যিক সভাপতি এ সাৰদা দেৱী আৰু সম্বিত পাত্ৰৰ বৈঠক। কেইবাগৰাকীৰো নাম চৰ্চাত আছে মুখ্যমন্ত্ৰীৰ পদৰ বাবে। মুখ্যমন্ত্ৰী পদৰ তালিকাত আছে ৫জন জ্যেষ্ঠ নেতাৰ নাম। অধ্যক্ষ থকছম, সত্যব্ৰত সিং, মন্ত্ৰী বিশ্বজিৎ সিঙৰ নাম আছে তালিকাত। মুখ্যমন্ত্ৰী পদৰ চৰ্চিত তালিকাত আছে ইয়ুমনাম খেমচান্দ সিঙৰ নামো। তালিকাত আছে ৰাধেশ্যাম সিং, বসন্ত কুমাৰ সিঙৰ নামো। অচিৰে হাইকামাণ্ডে সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা। মণিপুৰৰ ৰাজ্যৰপালৰ ভূমিকাক লৈ ক্ষুণ্ণ কংগ্ৰেছ। অযথা সময় নষ্ট কৰা বুলি ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ বিৰুদ্ধে অভিযোগ। মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী কৰিছে কংগ্ৰছে। ৰাষ্ট্ৰপতি শাসনৰ সম্ভাৱনাক নাকচ কৰিছে বিজেপিয়ে। এতিয়াও চৰকাৰ গঠন কৰিব পৰাকৈ আছে বিজেপি বিধায়ক। এন বীৰেন সিঙৰ পিছত এন পি পি দলে পুনৰ চৰকাৰক সমৰ্থন দিয়াৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতীয় পাছপ’ৰ্ট কেৱল ভ্ৰমণ দলিল, নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়: বিদেশ মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

বিদেশ মন্ত্ৰালয়ৰ এটা বিবৃতিয়ে আইন আৰু ৰাজনৈতিক বিতৰ্কক নতুনকৈ...

২৭ জুনৰ নিশাৰ পৰা বন্ধ থাকিব আঠগাঁৱৰ উৰণসেতু; মেৰামতিৰ বাবে যান-বাহনৰ চলাচল বন্ধ

গুৱাহাটীৰ আঠগাঁও উৰণসেতু মেৰামতিৰ বাবে ২৭ জুনৰ নিশাৰ পৰা...

APL নিলামত ৩০০ খেলুৱৈ, ১৫ Icon ষ্টাৰ! যুৱ খেলুৱৈৰ বাবে সোণালী সুযোগ

✍️ মানস গোস্বামী অসমৰ ক্ৰিকেট ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা...