বিপদত অবৈধ ভাৰতীয়, এইবাৰ ব্ৰিটেইনত অনুপ্ৰৱেশকাৰীক বিচাৰি অভিযান

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অনুকৰণত এইবাৰ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে ব্ৰিটেইনেও। ব্ৰিটেইনৰ বিভিন্ন অঞ্চলক অবৈধভাৱে কাম কৰি থকা ভাৰতীয়কে ধৰি আন দেশৰ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে ব্ৰিটেইনৰ চৰকাৰে। আমেৰিকাৰ পিছত এইবাৰ অনুপ্ৰৱেশকাৰীক লৈ তৎপৰ ব্ৰিটেইন। হোটেল, ৰেস্তোঁৰাকে ধৰি সকলোতে অনুপ্ৰৱেশকাৰীক বিচাৰি অভিযান। সম্প্ৰতি ব্ৰিটেইনত অবৈধভাৱে বসবাস কৰি আছে ১৯ হাজাৰ বিদেশী অনুপ্ৰৱেশকাৰী। ইতিমধ্যে ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰিছে কেবাশ অনুপ্ৰৱেশকাৰীক। ব্ৰিটেইনৰ বিভিন্ন ক্ষেত্ৰত কামত নিয়োজিত হৈ আছিল এইসকল বিদেশী অনুপ্ৰৱেশকাৰী। হোটেল, ৰেস্তোঁৰা, বাৰ, ষ্টোৰ, কাৰৱাশ্ব কেন্দ্ৰত নিয়োজিত এইসকল। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অনুকৰণত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ব্ৰিটিছ চৰকাৰৰ। জানুৱাৰীত দেশৰ ৮২৮টা স্থানত অভিযান ‘ইমিগ্ৰেছন এনফ’ৰ্চমেণ্ট’ দলৰ। উত্তৰ ইংলেণ্ডৰ হামাৰছাইডৰ এখন ৰেস্তোঁৰাৰ পৰা গ্ৰেপ্তাৰ ৭ ভাৰতীয় অনুপ্ৰৱেশকাৰীক। বিভিন্ন অঞ্চলৰ পৰা আটক কৰা হৈছে আন কেইবাজনো ভাৰতীয়ক। প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰ্মাৰে কাৰ্যভাৰ গ্ৰহণৰ পিছতে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা
শাস্তি প্ৰদান, জৰিমনাৰ বাবে সংশ্লিষ্ট পক্ষলৈ এহেজাৰো অধিক জাননী। দোষী সাব্যস্ত হ’লে নিয়োগ কৰ্তাই ভৰিব লাগিব প্ৰতিজন কৰ্মচাৰীৰ বাবে ৬০ হাজাৰ পাউণ্ড। যোৱা জুলাইৰ পৰা বৰ্তমানলৈকে ব্ৰিটিছ চৰকাৰে চিনাক্ত কৰিছে ১৬,৪০০অনুপ্ৰৱেশকাৰীক। ইয়াৰ ভিতৰত আছে বহু সংখ্যক ভাৰতীয় অনুপ্ৰৱেশকাৰীৰও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ।...

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...