জৱাহৰ নবোদয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ৯গৰাকী ছাত্ৰক বহিস্কাৰ, কিন্তু কিয়?

জৱাহৰ নবোদয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ৯গৰাকী ছাত্ৰক বহিস্কাৰ ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত সংঘটিত হৈছে এই ঘটনা। যোৱা ১৩ মাৰ্চত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছিল দেবাশিস দেউৰী নামৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰক৷ এই ঘটনাত আহত ছাত্ৰগৰাকীৰ পিতৃ অনিল দেউৰীয়ে নাৰায়ণপুৰ থানাত তৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে বৃহস্পতিবাৰে ৯গৰাকী ছাত্ৰক থানালৈ লৈ আনে ৷ ইয়াৰ পাছত ছাত্ৰকেইগৰাকীৰ পিতৃ-মাতৃৰ অনুৰোধ আৰু বিদ্যালয়ৰ অধ্যক্ষই বহিস্কাৰৰ দৰে কঠোৰ ব্যৱস্থাৰ লোৱাৰ বাবে দেবাশিষ দেউৰীৰ পিতৃ অনিল কুমাৰ দেউৰীয়ে গোচৰৰ আপোচ মীমাংসা কৰে ৷ দ্বাদশ শ্ৰেণীৰ ৯গৰাকী ছাত্ৰক বিদ্যালয়ৰ ছাত্ৰাবাসৰ পৰা বহিস্কাৰ কৰা হয় যদিও চূড়ান্ত পৰীক্ষা দিবলৈ সুবিধা প্ৰদান কৰে অধ্যক্ষগৰাকীয়ে ৷ ইফালে চূড়ান্ত অনুশাসনহীনতাৰ ফলত ৯গৰাকী ছাত্ৰ কাজিয়াত লিপ্ত হৈ বহিস্কাৰ হোৱা ঘটনাত উপায়হীন হৈ পৰিছে অভিভাৱকসকল৷ আনহাতে, বিদ্যালয়খনত অধ্যক্ষগৰাকীৰ দায়িত্বহীনতাৰ বাবে সঘনাই ছাত্ৰৰ মাজত সংঘটিত মাৰপিতৰ ঘটনাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতক লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...