বৃদ্ধি পাইছে সূৰ্য দেৱতাৰ প্ৰকোপ

জুন মাহৰ ১০টা দিন পাৰ হ’ল। লগে লগে বৃদ্ধি পাইছে সূৰ্য দেৱতাৰ প্ৰকোপ। ছাতি নোহোৱাকৈ এতিয়া বাহিৰলৈ ওলাবই নোৱাৰা অৱস্থা। ৰাজ্যজুৰি শিক্ষাৰ্থীৰ হাহাকাৰ অৱস্থা। মঙলবাৰে গুৱাহাটীত তাপমাত্ৰা ৩৭ ডিগ্ৰী ছেলছিয়াছ। অনুভৱ ৫০ ডিগ্ৰী ছেলছিয়াছ। ৰাজ্যৰ আন আন প্ৰধান চহৰ-নগৰতো উষ্ণতা প্ৰায় একেই। এনে পৰিস্থিতিত সন্তানক লৈ চিন্তিত অভিভাৱক। সেয়ে শিক্ষা বিভাগৰ পৰা আহিল নিৰ্দেশনা।গৰমৰ বাবে কামৰূপ (ম)ত বিদ্যালয়ৰ সময়সূচী সলনি। পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ চলিব প্ৰাথমিক বিদ্যালয়ৰ পাঠদান। ৭.৩০ বজাৰ পৰা ১২ বজালৈ চলিব মাধ্যমিক বিদ্যালয়ৰ পাঠদান। ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ হাইস্কুল সমূহৰ পাঠদানৰ সময় নিৰ্ধাৰণ। ১১ জুনৰ পৰা নতুন সময়সূচী নিৰ্ধাৰণ জিলা শিক্ষা বিভাগৰ। ১৬ জুনলৈ অব্যাহত থাকিব এই নিৰ্দেশনা। আন আন জিলা আয়ুক্তকো পৰিস্থিতি পৰ্যবেক্ষণ কৰি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ নিৰ্দেশ শিক্ষা বিভাগৰ। প্ৰয়োজনত সলনি কৰক পাঠদানৰ সময়। বুধবাৰৰ পৰাই কাৰ্যকৰী হব এই নিৰ্দেশ।

সকাহ পাইছে শিক্ষাৰ্থীয়ে। সন্তুষ্ট অভিভাৱকো। যোৱা দুদিনৰ পৰা বৃদ্ধি পাইছে তাপমাত্ৰা। এই তাপমাত্ৰাই শিশু আৰু বয়সস্থ লোকৰ বিশেষকৈ ক্ষতি কৰে। চিকিৎসকৰো বিশেষ পৰামৰ্শ, ‘অতিৰিক্ত পানী খাওক। ঠাণ্ডা পানীৰে গা ধুৱক। ৰ’দত নোলাব। শৰীৰত পোনপটীয়াকৈ পৰাকৈ এ চি নলব।’

জুন মাহ আৰম্ভ হৈছেহে। এতিয়াই ইমান গৰম। শিক্ষা বিভাগৰ সিদ্ধান্তক আদৰি লৈছে সকলোৱে। ল’বলগীয়া যতন লওক। সাৱধানে থাকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...