জুই জ্বলিছে ল’ছ এঞ্জেলছত

এক ভয়াবহ পৰিস্থিতি সৃষ্টি হৈছে আমেৰিকাৰ কেলিফ’ৰ্নিয়াৰ ল’ছ–এঞ্জেলছ চহৰত। ট্ৰম্পৰ প্ৰব্ৰজন নীতিৰ বিৰুদ্ধে চলা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পিছতে ল’ছ–এঞ্জেলছত সেনা নমালে ট্ৰাম্প প্ৰশাসনে। খণ্ডযুদ্ধৰ সৃষ্টি হৈছে ঠায়ে ঠায়ে। সোমবাৰে নিশাও লছ এঞ্জেলছত অব্যাহত থাকে হিংসাত্মক প্ৰতিবাদ। খণ্ডযুদ্ধও লাগে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত। আৰক্ষীলৈ লক্ষ্য কৰি ফটকাজাতীয় সামগ্ৰ নিক্ষেপ কৰে প্ৰতিবাদকাৰীয়ে। বহু সংখ্যক প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ ৰাবাৰ গুলী নিক্ষেপ। কিন্তু এই পৰিস্থিতিৰ মাজতে কেলিফ’ৰ্নিয়া প্ৰশাসনেৰে ট্ৰাম্পৰ সংঘাত স্পষ্ট হৈ পৰিছে। ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে গোচৰ ৰুজু কেলিফ’ৰ্নিয়া প্ৰশাসনৰ। কেলিফ’ৰ্নিয়াৰ গভৰ্ণৰক গ্ৰেপ্তাৰৰ ভাবুকি ট্ৰাম্পৰ।

শনিবাৰেই ট্ৰাম্প প্ৰশাসনে স্পষ্ট কৰি দিছিল প্ৰব্ৰজন সম্পৰ্কীয় কাম–কাজ চলাই থকা সংস্থাৰ কামত কোনোও যেন বাধা সৃষ্টি নকৰে। শেহতীয়া পৰিস্থিতিৰ বাবে ট্ৰাম্প প্ৰশাসনে কেলিফ’ৰ্নিয়া প্ৰশাসনক জগৰীয়া কৰি কেলিফ’ৰ্নিয়াৰ গভৰ্ণৰক গ্ৰেপ্তাৰৰ ভাবুকি দিছে। ইফালে ট্ৰাম্পে সীমা অতিক্ৰম কৰা বুলি অভিযোগ তুলি ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে কেলিফ’ৰ্নিয়াই। লছ এঞ্জেলছত নেচনেল গাৰ্ড মোতায়েনৰ তীব্ৰ বিৰুদ্ধিতা কৰিছে কেলিফ’ৰ্নিয়া প্ৰশাসনে। এই পৰিস্থিতিৰ বাবে ট্ৰাম্পকে জগৰীয়া কৰিছে কেলিফ’ৰ্নিয়াই। কেলিফ’র্নিয়াৰ এটর্নি জেনাৰেল ৰব বন্টা প্ৰকাশ কৰিছে ল’ছ এঞ্জেলছত কোনো বিদ্ৰোহী নাই। এনে ক্ষেত্ৰত নেচনেল গাৰ্ড মোতায়েন কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে সীমা অতিক্ৰম কৰিছে। ট্ৰাম্পে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিন্ধিৰ বাবে এক বিশৃঙ্খল পৰিস্থিতিৰ সৃষ্টি কৰিছে। অগ্নিগৰ্ভা হৈ পৰিছে লছ এঞ্জেলছ।

লছ এঞ্জলছৰ পৰা প্ৰতিবাদ আন স্থানলৈও প্ৰসাৰিত হৈছে। কেলিফ’ৰ্নিয়াৰ ছান ফ্ৰান্সিছকো আৰু ছেণ্টাতো প্ৰতিবাদ হৈছে। নিউয়ৰ্কতো ট্ৰাম্পৰ প্ৰব্ৰজন আৰু নাগগিকত্ব নীতিৰ বিৰুদ্ধে বিক্ষোভ দেখিবলৈ পোৱা গৈছে। আটলাণ্টা, টেক্সাছ আদিতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...