ট্ৰাম্পৰ বিষয়ে কৰা কিছুমান পোষ্টৰ বাবে মই অনুতপ্ত! সুৰ নৰম হ’ল ইলন মাস্কৰ

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মন্তব্য কৰি ধনকুবেৰ ইলন মাস্কে এইবাৰ মতৰ পৰিৱৰ্তন কৰিছে। অনুতপ্ত হৈ পোষ্টো কৰিছে। শেহতীয়াকৈ ট্ৰাম্প-মাস্কৰ শীতল যুদ্ধই সমগ্ৰ বিশ্বতে হৈ-চৈ লগাইছিল। দুদিনৰ আগলৈকে মাস্কে ট্ৰাম্পৰ বিৰোধিতা কৰি সামাজিক মাধ্যম ভৰাই তুলিছিল। কিন্তু এইবাৰ টেছলাৰ প্ৰধানজনে মতৰ সলনি কৰি ডেমেজ কন্ট্ৰলৰ চেষ্টা চলাইছে।

বুধবাৰে গভীৰ নিশা এটা সংক্ষিপ্ত এক্স পোষ্টত মাস্কে লিখিছে, “ট্ৰাম্পৰ বিষয়ে কৰা কিছুমান পোষ্টৰ বাবে মই অনুতপ্ত!” এখন বিধেয়কক কেন্দ্ৰ কৰি ট্ৰাম্প-মাস্কৰ মাজত সংঘাতৰ আৰম্ভ হৈছিল। ট্ৰাম্পে মাস্কৰ বাবে হোৱাইট হাউচত এটা সুকীয়া বিভাগো গঢ়ি দিছিল, কিন্তু সেই মাস্কই এতিয়া তেওঁৰ চৰকাৰৰ বাবে এডাল ‘কাঁইট’ হৈ পৰিছিল। ইমানেই নহয়, ট্ৰাম্পে নিজেই কৈছিল যে, মাস্কৰ সৈতে তেওঁৰ সকলো সম্পৰ্ক শেষ! মাস্কো থমকি ৰোৱা নাছিল। তেওঁৰ একালৰ বন্ধুৰ বিৰুদ্ধেই তেওঁ সুৰ তীব্ৰ কৰিছিল। কিন্তু এইবাৰ মাস্কৰ সুৰ কিছু নৰম হোৱা যেন লাগিছে।

ট্ৰাম্প-মাস্কৰ বিবাদৰ সূত্ৰপাত হৈছিল এখন বিলত ট্ৰাম্পৰ স্বাক্ষৰৰ পৰাই। ট্ৰাম্পে নিজেই সেই বিলক ‘বৃহৎ আৰু ধুনীয়া বিল’ বুলি বৰ্ণনা কৰিছিল। কিন্তু মাস্কে সেই বিলৰ বিষয়ে ক্ষোভ প্ৰকাশ কৰিছিল। তেওঁৰ আশংকা আছিল যে, চৰকাৰী দক্ষতা বিষয়ক দপ্তৰ (ডিঅ’জিই)ৰ কাম-কাজ এই বিলৰ ফলত বিফল হ’ব! মাস্কে কেৱল আশংকা প্ৰকাশ কৰিয়েই ক্ষান্ত হোৱা নাছিল, তেওঁ ডিঅ’জিইৰ পৰা পদত্যাগো কৰিছিল।

পদত্যাগৰ পিছৰে পৰা মাস্কে ট্ৰাম্পৰ বিষয়ে এটাৰ পিছত এটা পোষ্ট কৰিছিল। এই বুলিও শুনা গৈছিল যে, তেওঁৰ সহায় নোহোৱা হ’লে ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত হাৰি গ’লহেঁতেন। মাস্কে দাবী কৰিছিল যে, কুখ্যাত যৌন অপৰাধী জেফ্ৰি এপষ্টিনৰ ফাইলত মাৰ্কিন ৰাষ্ট্ৰপতিৰ নাম আছে। যদিও পিছত মাস্কে নিজেই সেই পোষ্ট সামাজিক মাধ্যমৰ পৰা আঁতৰাই পেলাইছিল।

ট্ৰাম্প-মাস্কৰ সম্পৰ্কত এই ‘ইউ-টাৰ্ণ’ কিয়? নলে গলে লগা বন্ধুত্ব কিয় শত্ৰুতালৈ ৰূপান্তৰিত হ’ল? তাক লৈ চৰ্চা বন্ধ হোৱা নাই। সেই চৰ্চাৰ মাজতে মাস্কে ‘অনুতাপ’ কৰিছে। হয়তো এয়াই ট্ৰাম্প-মাস্কৰ ‘যুদ্ধ’ৰ অন্তৰ ইংগিত হ’ব পাৰে। ঘটনাক্ৰমে, ট্ৰাম্প-মাস্কৰ তিক্ততাৰ পিছতেই টেছলাৰ শ্বেয়াৰৰ দাম কমিবলৈ আৰম্ভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...