চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে সহপাঠীৰ হাতত মাৰ খাইছিল…৫০ বছৰৰ পাছত সতীৰ্থ সমাৰোহত ল’লে প্ৰতিশোধ

চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ সময়ত এজন ব্যক্তিয়ে সহপাঠীৰ হাতত মাৰ খাইছিল। শেহতীয়াকৈ সেই স্কুলৰ পুৰণি ছাত্ৰ-ছাত্ৰীৰ ‘ৰিইউনিয়ন’ৰ আয়োজন কৰা হৈছিল। ঘটনাক্ৰমে, সেই অনুষ্ঠানত আক্ৰান্ত আৰু আক্ৰমণ কৰা দুয়োজন সহপাঠী উপস্থিত হৈছিল। পৰস্পৰে পৰস্পৰৰ মুখামুখি হোৱাৰ লগে লগে আক্ৰান্ত সেই সহপাঠীৰ চকুৰ আগত পুৰণি সেই স্মৃতি ভাঁহি উঠে। তাৰ পিছৰ ঘটনাৰ শেষত থানালৈ গৈ পায়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বিগত ২ জুনত কেৰালাৰ কাছাৰগড়ত এখন স্কুলৰ পুৰণি সহপাঠীৰ ‘ৰিইউনিয়ন’ৰ আয়োজন হৈছিল। তাত আন সকলোৰে দৰে উপস্থিত হৈছিল বালকৃষ্ণণ আৰু মেথু বালিয়াপ্পালাক্কল। তালৈ আহিছিল ভিজে বাবু নামৰ আন এজন ব্যক্তিও। তিনিওজনেই একেটা শ্ৰেণীত একেলগে পঢ়িছিল। ঘটনাক্ৰমে, চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ সময়ত বাবুৱে বালকৃষ্ণণক মাৰপিট কৰিছিল। শৈশৱত স্কুলত পঢ়ি থকাৰ সময়ত এনে ঘটনা প্ৰায় স্বাভাৱিক। কিন্তু সেই ঘটনাৰ প্ৰভাৱ ৫০ বছৰৰ পিছতো যে থাকিব, এনে কথা বোধহয় কাৰো কল্পনাতো নাহে। কিন্তু বালকৃষ্ণণ আৰু বাবুৰ ক্ষেত্ৰত তেনেকুৱাই ঘটিল।

প্ৰত্যক্ষদৰ্শীৰ দাবী, অনুষ্ঠানত বাবুক দেখাৰ লগে লগে বালকৃষ্ণণ ক্ষোভিত হৈ পৰে। অভিযোগ, তেওঁ হঠাৎ বাবুৰ ওচৰ চাপে আৰু তেওঁক শিলেৰে মুখত আৰু ডিঙিত আঘাত কৰে। ৫০ বছৰ পূৰ্বৰ সেই মাৰপিটৰ পুৰণি খং বালকৃষ্ণণে মনত জমা কৰি ৰাখিছিল। সেই খং ৫০ বছৰৰ পিছত ঠিক একেটা ধৰণেৰে সহপাঠী বাবুৰ ওপৰত উলিয়াই দিলে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বালকৃষ্ণণ আৰু আন এজন সহপাঠী মেথুক গ্ৰেপ্তাৰ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...