বেটিং ক্ৰম উন্নত কৰা প্ৰসংগত ৰিয়ানক প্ৰশংসা প্ৰশিক্ষক ছাংগাকাৰৰ

যশস্বী জয়ছোৱালৰ লগতে শেহতীয়াকৈ ধ্ৰুৱ জুৰেলৰ আন্তঃৰাষ্ট্ৰীয় সফলতাই ৰিয়ান পৰাগৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ ক্ষুধাক ইন্ধন যোগাইছে বুলি অনুভৱ কৰিছে ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাই৷ আজি সংবাদমেলত এই কথা ব্যক্ত কৰে শ্ৰীলংকাৰ কিংবদন্তী ক্ৰিকেটাগৰাকীয়ে৷ চলিত আই পি এলৰ কাইলৈ জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত দিল্লী কেপিটেলছৰ বিৰুদ্ধে নিজৰ দ্বিতীয়খন মেচ খেলিব ৰাজস্থান ৰয়েলছে৷ প্ৰথম মেচত জয়লাভ কৰি প্ৰত্যাশিত অভিযান আৰম্ভ কৰা আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছ কাইলৈৰ মেচক লৈয়ো আত্মবিশ্বাসী৷ উল্লেখ্য যে ছিজনৰ প্ৰথম মেচত দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল অসম সন্তান ৰিয়ানে৷ এইবাৰ দলে ৰিয়ানৰ বেটিং ক্ৰমো উত্তৰণ কৰি চতুৰ্থ স্থানত খেলাইছে৷

ৰিয়ানৰ বেটিং ক্ৰমত উন্নীত কৰাৰ সিদ্ধান্তৰ আঁৰৰ যুক্তি ব্যাখ্যা কৰি ছাংগাকাৰাই কয় ‘আমি বছৰ বছৰ ধৰি তেওঁ কেনেদৰে প্ৰদৰ্শন কৰিছিল সেয়া নিৰিক্ষন কৰিলো৷ ৰিয়ানৰ দৰে ক্ৰিকেটাৰে খেলৰ আটাইতকৈ কঠিন সময়ত বেটিং পোৱাটো স্বাভাৱিকতে এটা কঠিন কাম, যত দলৰ ৰান ৰেট বৃদ্ধি কৰিব লগাৰ চাপ থাকে৷ কিন্তু আমি সকলোৱে অনুভৱ কৰিছিলো যে তেওঁৰ দলটোৰ ইনিংছ গঢ় দিয়াত বহুত বেছি গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ তেওঁ কৰা কঠোৰ পৰিশ্ৰম আৰু ছিজনলৈ আগবাঢ়ি যোৱা ৰণনীতিৰ বাবেই বেটিং ক্ৰমত উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হ’ল৷’

উল্লেখ্য যে ২০১৯ চনত প্ৰথমবাৰৰ বাবে ৰাজস্থান ৰয়েলছৰ হৈ খেলা ২২ বছৰীয়া ৰিয়ানে দলত মূলতঃ ফিনিছাৰৰ ভূমিকা পালন কৰাৰ পিছত এইবাৰ ঘৰুৱা ক্ৰিকেটৰ উন্নত প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি বেটিং অৰ্ডাৰত উচ্ছ পদোন্নতি দিয়া হৈছে৷ নতুন নম্বৰটোৰ আৰম্ভণিও আশাব্যঞ্জক হৈছে৷ এল এছ জিৰ বিৰুদ্ধে ৰয়েলছে খেলা যোৱা মেচত ৰিয়ানে ২৯টা বলত ৪৩ ৰান কৰিছিল আৰু অধিনায়ক ছেমছনৰ লগত যুটি বান্ধি বিজয়ত অন্যতম ভূমিকা লয়৷

‘খেলুৱৈসকলে বিশ্বাসৰ প্ৰতিদান দিব লাগিব৷ ৰিয়ানে এটা ডাঙৰ আৰম্ভণি কৰিছে আৰু প্ৰতিখন খেল ভালদৰে বিশ্লেষন কৰি চাৰি নম্বৰত তেওঁ কি কৰিব পাৰে তাৰ ওপৰত নিজকে বিশ্বাস কৰিব লাগিব৷ তেওঁ পেচ আৰু স্পিনৰ বিৰুদ্ধে ভাল আৰু চাৰি নম্বৰ স্থানটো তেওঁৰ বাবে সুন্দৰ৷ ৰিয়ানৰ মাজত আমি দেখা আটাইতকৈ ডাঙৰ পৰিৱৰ্তনটো হ’ল তেওঁৰ পৰিপক্কতা আৰু আত্মসচেতনতা৷ ৰিয়ানৰ এটা সলনি হোৱা নতুন ৰূপ খেলপথাৰ তথা বাস্তৱত দেখা গৈছে৷ অৱশ্য তেওঁ এতিয়াও এজন অতি কম বয়সীয়া ক্ৰিকেটাৰ৷ সেইটো পাহৰিব নালাগে৷ জয়ছোৱাল আৰু এতিয়া জুৰেলে জাতীয় দলৰ হৈ কৰা প্ৰদৰ্শন ৰিয়ানে দেখিছে৷ তেওঁ এতিয়া দলতে¸ অনুসৰণ কৰিবলৈ আদৰ্শ পাইছে৷’ ছাংগাকাৰাই লগতে কয়৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...