বিহুৰ সামগ্ৰীৰে দীঘলীপুখুৰীত ‘ঋতম্ভৰা বহাগী উৎসৱ মেলা’

গুৱাহাটী, ২৭ মাৰ্চ : ৰঙালী বিহুৰ প্ৰাকক্ষণত ঋতম্ভৰা গোষ্ঠীৰ উদ্যোগত বুধবাৰৰ পৰা আৰম্ভ হৈছে ব’হাগী উৎসৱ মেলা। দীঘলীপুখুৰীৰ বিপৰীতে থকা সিদ্ধিনাথ শৰ্মা ভৱনত মেলাখন উদ্বোধন কৰে ‘অসম সৌৰভ’ তথা আন্তৰ্জাতিক লনবল খেলুৱৈ নয়নমনি শইকীয়া আৰু ডo অক্ষতা নাৰায়নে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভালেসংখ্যক শিক্ষিত উদ্যোগী মহিলাই অংশগ্ৰহণ কৰিছে মেলাখনত । এই মেলাত বিভিন্ন ধৰণৰ কাপোৰ , মেখেলা চাদৰ, অসমীয়া গহনা, খাদ্য-সামগ্ৰী উপলব্ধ হৈছে । গৃহসজ্জা, পুষ্প সজ্জা, মহিলাৰ বাবে আৱশ্যকীয় বিভিন্ন সামগ্ৰীও প্ৰদৰ্শিত হৈছে মেলাখনত। অহা ২৯ মাৰ্চলৈ দীঘলীপুখুৰীৰ সন্মুখৰ সিদ্ধিনাথ শৰ্মা ভৱনত অনুষ্ঠিত হব এই মেলা । মেলাখনে মহিলা উদ্যোগীক এখন মঞ্চ দিয়া বুলি সন্তুষ্টি প্ৰকাশ কৰে। নয়নমনি শইকীয়াৰ লগতে প্ৰাগ নিউজৰ গ্ৰুপ প্ৰেছিডেণ্ট ড.অক্ষতা নাৰায়নে। মেলাত বিভিন্ন সামগ্ৰী সুলভ মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। ঋতম্ভৰা গোষ্ঠীৰ হৈ বুবি তালুকদাৰে আদৰণি ভাষণ দিয়ে। অনুষ্ঠানত নয়ণমনি শইকীয়াক এছিয়ান লনবল প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আতচবাজী ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত; নিৰ্দিষ্ট সময়তহে ব্যৱহাৰ কৰিব পাৰিব আতচবাজী

আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে...

২৩ বছৰৰ পাছত ইৰাক এৰিলে আমেৰিকান সেনাই; নিৰাপত্তাক লৈ সৃষ্টি হৈছে নতুন শংকা

২৩ বছৰৰ পাছত ইৰাকৰ পৰা সম্পূৰ্ণৰূপে আমেৰিকান সেনা প্ৰত্যাহাৰ...

ফ্লাইডুবাই নামৰ যাত্ৰীবাহী বিমানত পাইলটৰ মাজত মাৰপিট, ছৌদি আৰৱত জৰুৰী অৱতৰণ

ফ্লাইডুবাই FZ1073 বিমানখনত সংঘটিত হোৱা ভয়ংকৰ ঘটনাক লৈ চাঞ্চল্যকৰ...