তৃতীয় ঢৌত প্ৰতিদিনে ১৪ লাখ ভাৰতীয় আক্ৰান্ত হ’ব পাৰে, নিটি আয়োগৰ সতৰ্কবাণী

ইউৰোপ আৰু বিশ্বৰ বহুকেইখন দেশত ওমিক্ৰনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। যদিহে ভাৰতত ইউকে বা ব্ৰিটেইনৰ সদৃশ সংক্ৰমণ বিয়পে, তৃতীয় ঢৌত প্ৰতিদিনে ১৪ লাখলৈকে ঘটনা পোহৰলৈ আহিব পাৰে। নিটি আয়োগৰ সদস্য ড০ ভি কে পলে সমগ্ৰ বিশ্বতে বৰ্ধিত কভিড ঘটনাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে। ড০ পলে কয় যে যদি আমি ব্ৰিটেইনত ওমিক্ৰনৰ সংক্ৰমণৰ পৰিমাণ চাওঁ আৰু ইয়াক ভাৰতৰ জনসংখ্যাৰ সৈতে তুলনা কৰোঁ, তেন্তে ক’ব পাৰি যে সংক্ৰমণ বিয়পিলে প্ৰতিদিনে ১.৪ নিযুত ঘটনা ভাৰততে ঘটিব।

তেওঁ কয় যে কভিডৰ বৰ্ধিত ঘটনাক ওমিক্ৰন সংক্ৰমণ বুলি গণ্য কৰা হৈছে যদিও এইটো এতিয়াও স্পষ্ট হোৱা নাই। গৱেষণা চলি আছে আৰু চৰকাৰে সকলো নিৰীক্ষণ কৰি আছে। ড০ পলে ইউৰোপত ওমিক্ৰন সংক্ৰমণৰ গতিৰ ওপৰত আলোকপাত কৰি ইয়াক ভাৰতৰ জনসংখ্যাৰ সৈতে তুলনা কৰিছিল।


ভি কে পলে সতৰ্কবাণী ৰূপে উল্লেখ কৰিছে যে যদিও ইউৰোপত স্বাস্থ্য আন্তঃগাঁথনি বা চিকিত্সা সুবিধাৰ ওপৰত কোনো চাপ নাই বা অভাৱ হোৱা নাই তাৰ পিছতো পৰিস্থিতি ভয়ানক। আমি এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু থাকিব লাগে। ঠাণ্ডা বতৰে ভাইৰাছৰ সংক্ৰমণ বিয়পাত সহায় কৰিব। যদিও পৰিস্থিতি এতিয়াও স্থিৰ, আমি সাৱধান হোৱা উচিত।


বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শৰ উদ্ধৃতি দি দেশৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহক ওমিক্ৰনৰ বিষয়ে অসাৱধান নহ’বলৈ আহ্বান জনাইছে কিয়নো ওমিক্ৰন সম্পৰ্কীয় সকলো তথ্য এতিয়াও পোহৰলৈ অহা নাই। বিশ্বজুৰি বৰ্তমানেও এই বিষয়ত গৱেষণা চলি আছে। উল্লেখ্য যে, অসমত এইপৰ্যন্ত কোনো ওমিক্ৰন ৰোগী পোহৰলৈ অহা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...