গ্ৰেপ্তাৰ হ’ব নেকি দৌৰৰাণী পি টি উষা?

ভাৰতৰ দৌৰৰাণী খ্যাত অলিম্পিয়ান এথলীট পি টি উষা আৰু আন ৬ জনৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰা হৈছে। কেৰালাৰ কোজিকোড আৰক্ষীয়ে ভাৰতৰ ‘গোল্ডেন গাৰ্ল’খ্যাত পি টি উষা আৰু আন ৬জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 420 (প্ৰৱঞ্চনা আৰু অসততা)ৰ অধীনত গোচৰ ৰুজু কৰিছে। প্ৰাক্তন এথলীট জেমাইমা জোছেফৰ অভিযোগৰ ভিত্তিত গোচৰটো পঞ্জীয়ন কৰা হৈছে।


আৰক্ষীয়ে সদৰি কৰা মতে প্ৰাক্তন এথলীট জেমাইমা যোছেফে অভিযোগ কৰিছে যে এজন নিৰ্মাতাক ১০১২ বৰ্গ ফুট ফ্লেটৰ বাবে কেইবাটাও কিস্তিত ৪৬ লাখ টকা জমা কৰিছিল। কিন্তু আজিলৈকে নিৰ্মাতাই ফ্লেটটো হস্তান্তৰ কৰা নাই। যোচেফে পি টি ঊষাৰ কথামতেহে নিৰ্মাতাক পৰিশোধ কৰিছিল ধনৰাশি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...