ইতিহাস! বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ কিদাম্বি শ্ৰীকান্ত

ইতিহাস সৃষ্টি কৰি কিদাম্বি শ্ৰীকান্তে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে। মেগা প্ৰতিযোগিতাখনৰ ফাইনেলত উপনীত হোৱা প্ৰথম ভাৰতীয় পুৰুষ খেলুৱৈ ৰূপে পৰিগণিত হৈছে শ্ৰীকান্ত। শনিবাৰে খেলা ছেমি ফাইনেলত ভাৰতৰে যুৱ খেলুৱৈ লক্ষ্য সেনক ১৭-২১, ২১-১৪, ২১-১৭ ছেটত পৰাস্ত কৰে। স্পেইনত অনুষ্ঠিত বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপ ২০২১ৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ তাৰকা খেলুৱৈজনে।


এই জয়ৰ লগে লগে শ্ৰীকান্ত বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱা প্ৰথম ভাৰতীয় পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ২৮ বছৰীয়া শ্ৰীকান্তৰ পূৰ্বে চাইনা নেহৱাল আৰু পি ভি সিন্ধুৱে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ’বলৈ সক্ষম হৈছিল। এই ক্ষেত্ৰত তৃতীয়গৰাকী ভাৰতীয় ৰূপে সোণালী আখৰেৰে নিজৰ নাম লিপিবদ্ধ কৰিলে শ্ৰীকান্তে।


তাৰকা মহিলা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে ২০১৯ চনত বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপ জয় কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছিল। বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ খেলুৱৈ হোৱাৰ সুবৰ্ণ সুযোগ আছে শ্ৰীকান্তৰ হাতত। শ্ৰীকান্তৰ সোণৰ পদক জয়ৰ সুন্দৰ সুযোগ আছে।
কিদাম্বি শ্ৰীকান্তৰ লগতে এইবাৰ ভাৰতলৈ আহিব দুটাকৈ পদক। ভাৰতীয় পুৰুষ খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে স্বদেশলৈ একেলগে দুটা পদক আনিব। ভাৰতীয় পুৰুষ খেলুৱৈসকলে প্ৰতিযোগিতাখনত দুটা পদক জিকিছে। ছেমি ফাইনেলত পৰাস্ত হৈ চলিত প্ৰতিযোগিতাখনত ২০ বছৰীয়া লক্ষ্য সেনে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। প্ৰথমবাৰৰ বাবে লক্ষ্য সেনে বিশ্ব চেম্পিয়নশ্বিপৰ পৰা ব্ৰঞ্জৰ পদক লাভ কৰি স্বদেশলৈ উভতি আহিব।

ইয়াৰ পূৰ্বে ১৯৮৩ চনত ভাৰতৰ প্ৰকাশ পাডুকন আৰু ২০১৯ চনত বি চাই প্ৰনীতে বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...