মধ্যপ্ৰদেশত পথ অৱৰোধ! ভাইৰেল মনালিছাক চাবলৈ মানুহৰ ভিৰ

মহাকুম্ভমেলাৰ ভাইৰেল গাৰ্ল মনালিছা। মনালিছাক লৈ সীমাহীন কৌতূহল অনুৰাগীক। লিওনাৰ্ডো দ্যা ভিঞ্চিৰ মনালিছাৰ সৈতেও তুলনা কুম্ভমেলাৰ মনালিছাক। আজিকালি মনালিছা কৰবালৈ গলেই ভিৰ হয় অনুৰাগীৰ। শেহতীয়াকৈ মধ্যপ্ৰদেশত পথ অৱৰোধ কৰিব লগা হল মনালিছাৰ বাবে।

মহাকুম্ভমেলাৰ ভাইৰেল মনালিছাক লৈ মানুহৰ কৌতুহলৰ অন্ত নাই। দুচকুৰ সৌন্দৰ্যৰে দেশবাসীক মুগ্ধ কৰিলে মনালিছাই। অকৃত্ৰিম সৌন্দৰ্যৰ গৰাকী মনালিছাক চাবলৈ মধ্যপ্ৰদেশত যথেষ্ট লোকৰ ভিৰ। শেহতীয়াকৈ এখন ছবিৰ শ্বুটিঙৰ বাবে মধ্যপ্ৰদেশলৈ গৈছিল মনালিছা। মনালিছাক চাবলৈ শ্বুটিংস্থলীত অগণন মানুহৰ ভিৰ। মধ্যপ্ৰদেশৰ পিচোৰ চহৰৰ এটা ঘৰত হৈছিল শ্বুটিং। ভাইৰেল গাৰ্ল মনালিছাক এবাৰ চাবলৈ ঘৰটোৰ সন্মুখত ভিৰ কৰিলে অগণন লোকে। এসময়ত বন্ধ কৰিব লগা হ’ল ঘৰটোৰ সন্মুখৰ গেট৷ অৱশেষত ঘৰটোৰ চাদৰ পৰাই অনুৰাগীক দেখা দিলে মনালিছাই। এইবাৰ মহাকুম্ভৰ সময়তে লাইমলাইটলৈ আহিছিল এইগৰাকী সুন্দৰী যুৱতী। ভাইৰেল হোৱাৰ পাছতে সম্প্ৰতি এক সুকীয়া পৰিচয় গঢ়িছে মনালিছাই।

মনালিজাৰ প্ৰতি মানুহৰ যথেষ্ট কৌতুহল

লিওনাৰ্ডো দ্যা ভিঞ্চিৰ মনালিছাৰ সৈতেও তুলনা কুম্ভমেলাৰ মনালিছাক। মালা বিক্ৰি কৰিবলৈ আহিয়ে কুম্ভমেলাত ভাইৰেল হৈছিল মনালিছা। ভাইৰেল হৈ কুম্ভমেলা এৰিব লগা হৈছিল মনালিছাই।

কিন্তু মহাকুম্ভই জীৱন সলনি কৰিলে মনালিছাৰ

মনালিছাই লাভ কৰিছে বলীউড ছবিৰ অফাৰ। ইতিমধ্যে মুক্তিলাভ কৰিছে মনালিছা অভিনীত এটা মিউজিক ভিডিঅ’। ইতিমধ্যে প্ৰায় ৮ মিলিয়ন ভিউৱাৰ্চ লাভ কৰিছে ভিডিঅ’টোৱে। ভিডিঅটো যথেষ্ট ধুনীয়া দেখা গৈছে মনালিছাক। বলীউডৰ একাংশ সুন্দৰী অভিনেত্ৰীয়েও ফেৰ মাৰিব নোৱাৰিব মনালিছাৰ সৈতে। মনালিছাৰ জীৱনৰ প্ৰথম মিউজিক ভিডিঅটোৱে ৮ মিলিয়ন অতিক্ৰম কৰিছে।

সম্প্ৰতি বলীউডৰ একাংশ অনুৰাগীৰ বাবে মনালিছা প্ৰত্যাহ্বান হব পাৰে বুলিও ধাৰণা কৰিছে একাংশ চলচ্চিত্ৰ অনুৰাগীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...