‘কিং’ শ্বুটিঙৰ মাজতে অঘটন

গুৰুতৰ ভাবে আহত কিংখান
চিকিৎসাৰ বাবে আমেৰিকালৈ শ্বাহৰুখ

একশ্যন ছবিৰ শ্বুটিঙৰ মাজতে ঘটিল অঘটন। শ্বাহৰুক খানৰ আপ কামিং ছবি কিঙৰ শ্বুটিঙৰ সময়তে অহত হ’ল বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান। বলীউডৰ সূত্ৰই প্ৰকাশ কৰা মতে শ্বাহৰুখৰ আঘাত গুৰুতৰ। বন্ধ কৰি দিব লগা হৈছে কিঙৰ শ্বুটিং।

জীয়ৰী সুহানা খানৰ সৈতে মুম্বাইৰ গোল্ডেন টোবাকো ষ্টুডিঅ’ত কিঙৰ শ্বুটিঙত ব্যস্ত আছিল শ্বাহৰুখ খান। ইতিমধ্যে চিনেমাখনৰ কেইবামাহ ধৰি পৰ্যায় ক্ৰমে লণ্ডনকে ধৰি বিভিন্ন স্থানত শ্বুটিং চলি আছে। শেহতীয়াকৈ মুম্বাইৰ ষ্টুডিঅ’ত শ্বুটিং চলি থকাৰ মাজতে ঘটে অঘটন।

ষ্টাণ্টৰ সময়তে ঘটে দুৰ্ঘটনা
মাংসপেশীত আঘাত পাই শ্বাহৰুখে

ততাতৈয়াকৈ চিকিৎসাৰ বাবে যায় কিংখন। অৱশ্যে আঘাত সম্পৰ্কত কোনো ধৰণৰ মন্তব্যকৰা নাই ৫৯ বছৰীয়া অভিনেতাজনে। যোৱা বছৰো মাংসপেশীৰ সমস্যাত ভূগিছিল শ্বাহৰুখ খানে। তথাপি কিং ছবিৰ শ্বুটিং চলাই আছিল। পাঠান, জৱানৰ পিছত কিঙক লৈ বিশেষ পৰিকল্পনা কৰিছিল শ্বাহৰুখ খানে। কিন্তু আঘাতৰ বাবে কিছু বিলম্ব হ’ব চিনেমাখন সম্পূৰ্ণ হৈ উঠাত। আঘাত যাতে অধিক বিপদৰ কাৰণ নহয় তাৰ বাবেই শ্বাহৰুখ খান আমেৰিকালৈ যোৱা বুলি বহুজনে ধাৰণা কৰিছে। কিং ছবিৰ শ্বুটিং পুনৰ ছেপ্তেম্বৰত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। শ্বাহৰুখ খান শীঘ্ৰে সুষ্ঠ হৈ উঠক, সেই কামনা গুণমুগ্ধৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...