তিৰুৱনন্তপুৰম বিমানবন্দৰত ২৩ দিন ধৰি ৰখা হৈছিল ব্ৰিটিছ যুদ্ধ বিমান; ভাৰতীয় বিমানবন্দৰত পাৰ্কিঙৰ বাবে কিমান টকা পৰিশোধ কৰিবলগীয়া হৈছিল ব্ৰিটেইনৰ নৌবাহিনীয়ে?

এমাহৰো অধিক সময় ধৰি কেৰালাৰ তিৰুৱনন্তপুৰম বিমানবন্দৰত ৰৈ আছিল ব্ৰিটেইনৰ এফ-৩৫ যুদ্ধবিমান। যান্ত্ৰিক ত্ৰুটিৰ বাবে বিমানখন উৰিব পৰা নাছিল। কিন্তু তাৰ বাবে ব্ৰিটিছ ৰয়েল নেভিয়ে বিমানবন্দৰ কৰ্তৃপক্ষক ধন পৰিশোধ কৰিছে। সংবাদমাধ্যম চিএনবিচি-টিভি ১৮ৰ মতে, প্ৰতিদিনে বিমানবন্দৰ কৰ্তৃপক্ষক ২৬,২৬১ টকা দিছিল ব্ৰিটিছ জেটে।

১৪ জুনৰ পৰা তিৰুৱনন্তপুৰমৰ বিমানবন্দৰত ৰৈ আছিল ব্ৰিটিছ নৌসেনাৰ এফ-৩৫ যুদ্ধবিমান। ৬ জুলাইত মেৰামতিৰ বাবে বিমানখন বিমানবন্দৰৰ পৰা স্থানান্তৰ কৰা হয়। এই ২৩ দিনত ব্ৰিটিছ নৌবাহিনীয়ে বিমানবন্দৰত যুদ্ধবিমান ৰখাৰ বাবে মুঠ ৮.৬ লাখ টকা দিবলগীয়া হৈছিল।

৬ জুলাইত ব্ৰিটিছ নৌবাহিনীৰ ২৪ জনীয়া বিশেষজ্ঞৰ এটা দল তিৰুৱনন্তপুৰম বিমানবন্দৰত উপস্থিত হয়। তেওঁলোকৰ মাজত ১৪জন আছিল প্ৰযুক্তিবিদ আৰু ১০জন বিমানকৰ্মী। তেওঁলোকে যুদ্ধবিমানৰ সমস্যাসমূহ পৰীক্ষা কৰে। বিমানখন তাতে মেৰামতি কৰি উৰুওৱা সম্ভৱ নে অন্য বিমানৰ ভিতৰত ভৰাই ব্ৰিটেইনলৈ পঠোৱা হ’ব, সেইটো বিশেষজ্ঞ দলটোৱে পৰীক্ষা কৰে। যোৱা সপ্তাহত এজন ভাৰতীয় প্ৰশাসনিক বিষয়াক উদ্ধৃত কৰি সংবাদ সংস্থা এপিয়ে জনায় যে, অহা সপ্তাহৰ ভিতৰত বিমানখন মেৰামতি কৰি ব্ৰিটেইনলৈ পঠিওৱাৰ আশা কৰা হৈছে।

১৫ জুনত ইন্ধন কম থকাৰ বাবে কেৰালাত জৰুৰী অৱতৰণ কৰিছিল ব্ৰিটেইনৰ ৰয়েল নেভিৰ যুদ্ধবিমানখনে। অৱতৰণৰ পিছত যান্ত্ৰিক ত্ৰুটি ধৰা পৰে। ইতিপূৰ্বেও ব্ৰিটেইনৰ পৰা সামৰিক ইঞ্জিনিয়াৰৰ দল ভাৰতলৈ আহিছিল। কিন্তু যান্ত্ৰিক ত্ৰুটি মেৰামতি কৰা সম্ভৱ হোৱা নাছিল।

এফ-৩৫বি বিশ্বৰ অন্যতম দামী আৰু উন্নতমানৰ যুদ্ধবিমান। অতি সংকীৰ্ণ ঠাইৰ পৰাও ই উৰিব বা নামিব পাৰে। মাৰ্কিন সংস্থা ‘লকহিড মাৰ্টিন’য়ে এই বিমান নিৰ্মাণ কৰে। মূলতঃ আমেৰিকা, ব্ৰিটেইন আৰু নেটো বাহিনীৰ হাতত এই বিমান আছে। এই বিমানৰ পাৰ্কিঙৰ বাবেও ব্ৰিটেইনৰ নৌবাহিনীক বৃহৎ অংকৰ ধন পৰিশোধ কৰিবলগীয়া হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...