পঞ্জাৱৰ স্বৰ্ণ মন্দিৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি! গ্ৰেপ্তাৰ ছফটৱেৰ অভিযন্তা

পঞ্জাৱৰ স্বৰ্ণমন্দিৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়াৰ অভিযোগত এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰক গ্ৰেপ্তাৰ কৰা হৈছে। শুকুৰবাৰে তেওঁক ফৰিদাবাদৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃতৰ নাম শুভম দুবে।

আৰক্ষীৰ সূত্ৰৰ খবৰ অনুসৰি, যোৱা কেইদিনমান ধৰি স্বৰ্ণমন্দিৰ কৰ্তৃপক্ষলৈ পৰ্যায়ক্ৰমে কেইবাটাও ভাবুকিপূৰ্ণ ইমেইল পঠিওৱা হৈছিল। ভাবুকি দিয়া হৈছিল যে, স্বৰ্ণমন্দিৰক বোমাৰে উৰুৱাই দিয়া হ’ব। এই ভাবুকিৰ পিছত স্বৰ্ণমন্দিৰৰ নিৰাপত্তা আৰু কঠোৰ কৰা হয়। অমৃতসৰৰ আৰক্ষী কমিশ্যনাৰ গুৰপ্ৰীত সিং ভুল্লাৰে জনোৱা মতে, এই ভাবুকিবাৰ্তা ক’ৰ পৰা আহিছে তাৰ সন্ধান পাবলৈ আৰক্ষীৰ চাইবাৰ বিশেষজ্ঞ আৰু চোৰাংচোৱাসকলে তদন্ত আৰম্ভ কৰে।

কেইবাদিন ধৰি ভাবুকিবাৰ্তা প্ৰেৰকৰ সন্ধান চলি আছিল। অৱশেষত শুকুৰবাৰে আৰক্ষীয়ে অভিযুক্তৰ সন্ধান পায়। তাৰ পিছত ফৰিদাবাদৰ পৰা পেচাত ছফ্টৱেৰ ইঞ্জিনিয়াৰ শুভমক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ পৰা বিভিন্ন ইলেক্ট্ৰনিক গেজেট উদ্ধাৰ কৰা হৈছে। শুভমৰ লেপটপ আৰু ফোন ফৰেন্সিক পৰীক্ষাৰ বাবে বাজেয়াপ্ত কৰা হৈছে। কেৱল স্বৰ্ণমন্দিৰৰ ক্ষেত্ৰত নহয়, অমৃতসৰৰ সাংসদ গুৰজিত সিং আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈও ভাবুকিবাৰ্তা পঠিওৱা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, ১৪ আৰু ১৫ জুলাইৰ ভিতৰত মুঠ পাঁচটা ভাবুকি মেইল পঠিওৱা হৈছিল। ১৬ জুলাইত স্বৰ্ণমন্দিৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দি তিনিটা মেইল পঠিওৱা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...

মানৱ মলৰ পৰা ‘পুপক্ৰিট’! বহনক্ষম কংক্ৰিট নিৰ্মাণত ভাৰতীয় গৱেষকৰ অভিনৱ সাফল্য

কংক্ৰিটক আধুনিক সভ্যতাৰ অন্যতম মূল ভেটি বুলি ক’লেও ভুল...

মানৱতাক লজ্জানত কৰা কাণ্ড! পৰুৱাৰ মাজত উদ্ধাৰ নৱজাতক

বকলীয়াঘাটত সংঘটিত হৈছে এক অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা। বকলীয়াঘাটৰ...