কোকিলকণ্ঠী লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱনতি

পুনৰ লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱনতি। ভাৰতৰত্ন কোকিলকণ্ঠী লতা মংগেশকাৰৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটিছে। বৰ্তমান ভেণ্টিলেটৰত ৰখা হৈছে লতা মংগেশকাৰক। ICUত চিকিত্সকৰ দলে প্ৰতি মুহূৰ্ততে নিৰীক্ষণ কৰি আছে লতা মংগেশকাৰক। বৰ্তমান চিকিত্সাধীন হৈ থকা ব্ৰিছকেণ্ডী হাস্পতালৰ চিকিত্সক প্ৰতিত ছামদানিয়ে সদৰি কৰা অনুসৰি লতা মংগেশকাৰৰ অৱস্থা ক্ৰিকিটেল। উল্লেখ্য যে, ৮ জানুৱাৰীৰ পৰাই মুম্বাইৰ ব্ৰেছ কেণ্ডী হাস্পতালত ভৰ্তি হৈ আছে কোকিলকণ্ঠী গায়িকাগৰাকী। কিম্বদন্তী গায়িকাগৰাকীৰ স্বাস্থ্য উন্নত হৈছিল যদিও আজি পুনৰ সংকটজনক হৈ পৰিছে লতা মংগেশকাৰৰ স্বাস্থ্য। দেশজুৰি আৰোগ্য কামনাৰে সকলোৱে প্ৰাৰ্থনা জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...