USTM আৰু ড০ ডি. ডি. লাপাং ফাউণ্ডেচনৰ উদ্যোগত প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ ডি. ডি. লাপাঙক প্ৰথম মৃ/ত্যু বাৰ্ষিকীত স্মৰণ

ৰিভয় জিলাৰ পিতৃ হিচাপে ড০ ডি. ডি. লাপাঙৰ ঐতিহ্য সদায় জীয়াই থাকিবঃ নংপ’হৰ বিধায়ক মাইৰলবৰ্ণ ছিয়েম

ড০ ডি. ডি. লাপাং ফাউণ্ডেচনৰ উদ্যোগত আৰু ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয় (USTM)-ৰ সহযোগত USTM-ৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত ১ম ড০ ডি. ডি. লাপাং স্মাৰক বক্তৃতা আৰু ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিশিষ্ট ৰাজনীতিবিদ ড০ ডি. ডি. লাপাঙৰ প্ৰথম মৃ/ত্যু বাৰ্ষিকী উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানত নংপ’হৰ সন্মানীয় বিধায়ক মাইৰলবৰ্ণ ছিয়েম, প্ৰয়াত ড০ ডি. ডি. লাপাঙৰ পৰিয়ালবৰ্গৰ সদস্যসকল, USTM-ৰ সন্মানীয় আচাৰ্য মহবুবুল হক, USTM-ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক জি. ডি. শৰ্মা, ৰিভয় কলেজৰ অধ্যক্ষ ড০ এলিজাবেথ খাৰকংকৰ, শিক্ষাবিদ, জনপ্ৰতিনিধি, ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষীসকল উপস্থিত থাকে। উপস্থিত পৰিয়ালৰ সদস্যসকলৰ ভিতৰত আছিল প্ৰয়াত ড০ ডি. ডি. লাপাঙৰ ভাতৃৰ পুত্ৰ ছুমাৰলাং অৰেকল লিংস্কৰ, নাতিনী বামেদাৰী ফাইল্লা ব্লাহ, মেইদিবাহুন ব্লাহ আৰু ডেইমেবাণ্ডা ব্লাহ, লগতে নাতিনী-জোঁৱাই মি. আইবৰলাং ৱাৰজ্ৰী।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি নংপ’হৰ সন্মানীয় বিধায়ক মাইৰলবৰ্ণ ছিয়েমে প্ৰয়াত ড০ ডি. ডি. লাপাঙৰ অমৰ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ৰিভয় জিলাৰ গঠন তথা উন্নয়নত তেওঁৰ ঐতিহাসিক অৱদান স্মৰণ কৰে। ড০ লাপাঙক ‘ৰিভয় জিলাৰ পিতৃ’ বুলি অভিহিত কৰি ছিয়েমে কয় যে, ৰিভয় জিলাৰ সৃষ্টি তেওঁৰ দীৰ্ঘ ৰাজহুৱা জীৱন আৰু জনসেৱাৰ অন্যতম গুৰুত্বপূৰ্ণ অৱদান হিচাপে সদায় স্মৰণীয় হৈ থাকিব।

অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত কনিষ্ঠ শাখাত আলফা ইংলিছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ দাই-ই-বাশ্বা ৰিম্পেইটে লাভ কৰে প্ৰথম স্থান আৰু নগদ ৩০,০০০ টকাৰ পুৰস্কাৰ, ছেইণ্ট ডমিনিক ছেভিঅ’ছ হায়াৰ ছেকেণ্ডাৰী স্কুল, মাওখাৰ, শ্বিলঙৰ ছানকিডন মাকডোহে লাভ কৰিছে দ্বিতীয় স্থান আৰু নগদ ২০,০০০ টকাৰ পুৰস্কাৰ।


ফিবাশিশা মাৰবানিয়াং, দ্বাদশ শ্ৰেণী উত্তীৰ্ণ তথা নীট পৰীক্ষাৰ প্ৰাৰ্থীয়ে তৃতীয় স্থান আৰু ১০,০০০ টকাৰ পুৰস্কাৰ লাভ কৰে। সকলো বিজয়ীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। কনিষ্ঠ শাখাৰ নিচুকনি বঁটা লাভ কৰে জিবানছিয়াছ মাৰবানিয়াং, ৱানপ্লিলাং খাৰবুলি আৰু অমিন বিনং-এ।


ইউ এছ টি এমৰ জন্নতা মাহবুবা খানামে প্ৰথম স্থান আৰু ৫০,০০০ টকাৰ পুৰস্কাৰ লাভ কৰে। অনামিকা নন্দীয়ে, দ্বিতীয় স্থান আৰু নগদ ৩০,০০০ টকাৰ পুৰস্কাৰ লাভ কৰে। আইকিৰশান ৰিনথাথিয়াংবালাৱান মহাবিদ্যালয়ে তৃতীয় স্থান আৰু ২০,০০০ টকাৰ পুৰস্কাৰ লাভ কৰে। মুকলি শাখাৰ নিচুকনি বঁটা লাভ কৰে মাৰ্শিমটি খাৰৱাৰ, অঞ্চল সিং, শ্বিৰিন আমানে।

অনুষ্ঠানৰ সামৰণিত NIFT Shillong-ৰ Assistant Professor তথা ড০ ডি. ডি. লাপাঙৰ নাতিনী Ms Meaidibahun Blah-এ শলাগৰ শৰাই আগবঢ়ায়।

২০১১ চনত প্ৰতিষ্ঠিত University of Science and Technology Meghalaya (USTM) হৈছে উত্তৰ-পূব ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ প্ৰথমখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনে ২০২১ চনত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ (NAAC)-ৰ প্ৰথম পৰ্যায়ৰ মূল্যায়নত ‘A’ গ্ৰেড লাভ কৰে আৰু NIRF-ৰ দ্বাৰা দেশৰ শীৰ্ষ ২০০খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিছে। USTM-এ শিক্ষাদান, গৱেষণা, উদ্ভাৱন আৰু সমাজৰ সৈতে সংযোগৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ লগতে অন্তৰ্ভুক্তি, বহনক্ষমতা আৰু আঞ্চলিক উন্নয়নৰ প্ৰতি দায়বদ্ধ হৈ আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...