ৰাজ্যত অব্যাহত বন্যহস্তীৰ আতংক

অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। গোৱালপাৰাৰ পৰা জাগীৰোডলৈ বনৰীয়া হাতীৰ বিচৰণক লৈ সৃষ্টি হৈছে আতংকময় পৰিস্থিতি। গোৱালপাৰা জিলাৰ মৰনৈৰ মনাকোছা গাঁৱত যোৱা নিশা এটা বনৰীয়া হাতীয়ে চলালে সন্ত্ৰাস। নিশা গাঁওখনত প্ৰৱেশ কৰি হাতীটোৱে কেইবাটাও ঘৰ-বাৰী ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগ উঠিছে। বনৰীয়া হাতীৰ আক্ৰমণৰ আশংকাত নিশাটো উজাগৰে কটাবলগীয়া হয় গাঁওবাসীয়ে। হাতীটোৰ বিচৰণক লৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় আতংক।

ইফালে জাগীৰোডতো বনৰীয়া হাতীৰ প্ৰৱেশক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ নিৰ্মীয়মাণ চৌহদত প্ৰৱেশ কৰিছে কেইবাটাও বনৰীয়া হাতীয়ে। প্ৰকল্পটোৰ ভিতৰভাগত প্ৰায় ১৫টাকৈ বনৰীয়া হাতীয়ে বিচৰণ কৰি থকাৰ তথ্য পোহৰলৈ আহিছে।

বনৰীয়া হাতীৰ দলটোৱে প্ৰকল্পটোৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে আতংকিত হৈ পৰে কৰ্মচাৰীসকল। সুৰক্ষাৰ স্বাৰ্থত প্ৰকল্পটোৰ পৰা সকলো কৰ্মচাৰীক বাহিৰলৈ ওলাই আহে। খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক।

এফালে গাঁওত ঘৰ ভাঙি বনৰীয়া হাতীৰ সন্ত্ৰাস, আনফালে বৃহৎ উদ্যোগিক প্ৰকল্পৰ ভিতৰত হাতীৰ জাক। এই দুয়োটা ঘটনাই ৰাজ্যত বৃদ্ধি পোৱা বন্যহস্তী-মানুহৰ সংঘাতৰ ছবিখন পুনৰ স্পষ্ট কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...