যোৰাবাটৰ কৃত্ৰিম বানৰ বাবে প্ৰশাসনৰ জৰুৰী পথ নিৰ্দেশনা; উজনিৰ পৰা গুৱাহাটীলৈ অহা বাহনক ডিগাৰু হৈ প্ৰৱেশৰ নিৰ্দেশ

গুৱাহাটী মহানগৰীৰ ৯ মাইল আৰু ১০ মাইল অঞ্চলত কৃত্ৰিম বান সৃষ্টি হোৱাৰ বাবে গুৱাহাটী যান-বাহন আৰক্ষীয়ে (Guwahati Traffic Police) এক জৰুৰীকালীন নিৰ্দেশনা জাৰী কৰিছে। এই পথছোৱাত পানী জমা হোৱাৰ বাবে যান-বাহন চলাচলত বাধাৰ সৃষ্টি হৈছে, যাৰ পৰিপ্ৰেক্ষিতত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ যান-বাহনৰ পথ সলনি (Traffic Diversions) কৰা হৈছে।

যান-বাহন আৰক্ষীৰ ফালৰ পৰা টুইটাৰ (X)যোগে জনোৱা অনুসৰি, লঘু মটৰ বাহন (LMV) সমূহৰ বাবে তলত দিয়া ধৰণে নতুন নিয়ম আৰোপ কৰা হৈছে:

নতুন যান-বাহন নিৰ্দেশনা (LMV সমূহৰ বাবে):

  • গুৱাহাটী অভিমুখে অহা বাহন: উজনিৰ পৰা গুৱাহাটীলৈ অহা বাহনক ডিগাৰু হৈ প্ৰৱেশৰ নিৰ্দেশ
  • গুৱাহাটীৰ পৰা ওলাই যোৱা বাহন: গুৱাহাটীৰ পৰা ওলাই যোৱা বাহনে কইনাধৰাত ল’ব লাগিব বিকল্প পথ

সতৰ্কতা বাৰ্তা: ৯ মাইল আৰু ১০ মাইল অঞ্চলত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলক এই জৰুৰীকালীন নিৰ্দেশনা মানি চলিবলৈ আৰু প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ মহানগৰ যান-বাহন আৰক্ষীয়ে আহ্বান জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...