যোৰাবাটৰ কৃত্ৰিম বানৰ বাবে প্ৰশাসনৰ জৰুৰী পথ নিৰ্দেশনা; উজনিৰ পৰা গুৱাহাটীলৈ অহা বাহনক ডিগাৰু হৈ প্ৰৱেশৰ নিৰ্দেশ

গুৱাহাটী মহানগৰীৰ ৯ মাইল আৰু ১০ মাইল অঞ্চলত কৃত্ৰিম বান সৃষ্টি হোৱাৰ বাবে গুৱাহাটী যান-বাহন আৰক্ষীয়ে (Guwahati Traffic Police) এক জৰুৰীকালীন নিৰ্দেশনা জাৰী কৰিছে। এই পথছোৱাত পানী জমা হোৱাৰ বাবে যান-বাহন চলাচলত বাধাৰ সৃষ্টি হৈছে, যাৰ পৰিপ্ৰেক্ষিতত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ যান-বাহনৰ পথ সলনি (Traffic Diversions) কৰা হৈছে।

যান-বাহন আৰক্ষীৰ ফালৰ পৰা টুইটাৰ (X)যোগে জনোৱা অনুসৰি, লঘু মটৰ বাহন (LMV) সমূহৰ বাবে তলত দিয়া ধৰণে নতুন নিয়ম আৰোপ কৰা হৈছে:

নতুন যান-বাহন নিৰ্দেশনা (LMV সমূহৰ বাবে):

  • গুৱাহাটী অভিমুখে অহা বাহন: উজনিৰ পৰা গুৱাহাটীলৈ অহা বাহনক ডিগাৰু হৈ প্ৰৱেশৰ নিৰ্দেশ
  • গুৱাহাটীৰ পৰা ওলাই যোৱা বাহন: গুৱাহাটীৰ পৰা ওলাই যোৱা বাহনে কইনাধৰাত ল’ব লাগিব বিকল্প পথ

সতৰ্কতা বাৰ্তা: ৯ মাইল আৰু ১০ মাইল অঞ্চলত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলক এই জৰুৰীকালীন নিৰ্দেশনা মানি চলিবলৈ আৰু প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ মহানগৰ যান-বাহন আৰক্ষীয়ে আহ্বান জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰিৱেশক শ্ৰদ্ধা কৰিহে সম্ভৱ মানুহৰ বিকাশ: জাপানৰ অধ্যাপক ট’ৰু টাৰাও

মানুহৰ বিকাশ আৰু পৰিৱেশৰ ভাৰসাম্য একেলগে আগবাঢ়িব লাগিব। পৰিৱেশক...

ঘাতক ঘনকান্তৰ পত্নী জোনমণি গগৈৰ ডাঙৰ খবৰ

জোনমণি গগৈক গুৱাহাটীলৈ নানে SITয়ে। ঘাতক ঘনকান্তৰ পত্নীক জিম্মাত...

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল বিক্ৰীত অনুমোদন ট্ৰাম্প প্ৰশাসনৰ

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল...

ভাৰত-ব্ৰাজিলৰ বাণিজ্য ২০ বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য, প্ৰতিৰক্ষা আৰু AI খণ্ডতো সহযোগিতা

ভাৰত আৰু ব্ৰাজিলৰ মাজত ক্ৰমাৎ শক্তিশালী হৈছে কৌশলগত আৰু...