ভাৰতীয় ৰে’লৱেই দেশৰ পৰিবহণ খণ্ডত এক নতুন আৰু পৰিৱেশ-অনুকূল যুগৰ সূচনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমখন সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত ‘হাইড্ৰ’জেন ফুৱেল চেল’ (Hydrogen Fuel Cell) চালিত ৰে’লৰ ফ্লেগ অফ কৰি দেশবাসীক উৎসৰ্গা কৰিছে। ১০টা ডবাযুক্ত এই বিশেষ ৰে’লখনে উত্তৰ ৰে’লৱেৰ অধীনৰ হাৰিয়ানাৰ জিন্দ-সোণিপত (Jind-Sonipat) ৮৯ কিলোমিটাৰ পথত চলাচল কৰিব। এই সফল আৰম্ভণিৰ লগে লগে ভাৰত বিশ্বৰ ভিতৰতে জাৰ্মানী, জাপান, চীন আৰু আমেৰিকাৰ দৰে কেইখনমান নিৰ্বাচিত দেশৰ তালিকাত অন্তৰ্ভুক্ত হৈছে, যিয়ে ৰে’ল পৰিবহণত হাইড্ৰ’জেন প্ৰযুক্তি ব্যৱহাৰ কৰিছে।
হাইড্ৰ’জেন ৰে’লে কেনেকৈ কাম কৰে? (বিজ্ঞান আৰু কাৰ্যপ্ৰণালী)
পাৰম্পৰিক ডিজেল ইঞ্জিন বা বিদ্যুৎ পৰিবাহী তাৰৰ (Overhead Cables) পৰিৱৰ্তে এই ৰে’লখনে নিজৰ ভিতৰতেই বিদ্যুৎ উৎপাদন কৰে। ইয়াৰ মূল কাৰ্যপ্ৰণালী তলত দিয়া ধৰণৰ:
১. হাইড্ৰ’জেন ফুৱেল চেল (Fuel Cell): ৰে’লখনৰ মূল চালিকা শক্তি হৈছে ১,২০০ কিলোৱাট ক্ষমতা সম্পন্ন এটা ‘প্ৰটন এক্সচেঞ্জ মেমব্ৰেন ফুৱেল চেল’ (PEMFC)। ৰে’লৰ পাৱাৰ কাৰত অতি উচ্চ চাপযুক্ত চিলিণ্ডাৰত হাইড্ৰ’জেন গেছ জমা কৰি ৰখা হয়। এই হাইড্ৰ’জেন যেতিয়া ফুৱেল চেললৈ যায়, তাত এক বৈদ্যুতিক-ৰাসায়নিক বিক্ৰিয়া (Electrochemical Reaction) ঘটে।
২. বিদ্যুৎ উৎপাদন প্ৰক্ৰিয়া: ফুৱেল চেলৰ ভিতৰত থকা এক অনুঘটক (প্লেটিনাম)-ৰ সহায়ত হাইড্ৰ’জেন অণুবোৰ প্ৰটন আৰু ইলেক্ট্ৰনত বিভক্ত হৈ পৰে। ইলেক্ট্ৰনবোৰ যেতিয়া বাহ্যিক বৰ্তনীৰ মাজেৰে গতি কৰে, তেতিয়া বিদ্যুৎ উৎপন্ন হয়। এই বিদ্যুতেই ৰে’লখনৰ ট্ৰেকচন মটৰ চলাই ৰে’লখনক গতি দিয়ে।
৩. পৰিৱেশ অনুকূল বাই-প্ৰডাক্ট (By-product): একে সময়তে বায়ুমণ্ডলৰ পৰা অক্সিজেন ফুৱেল চেলত প্ৰৱেশ কৰে আৰু ই হাইড্ৰ’জেনৰ সৈতে মিলি পানীৰ ভাপ (Water Vapor) আৰু তাপ উৎপন্ন কৰে। অৰ্থাৎ, এই ৰে’লখনৰ পৰা কোনো ধোঁৱা বা কাৰ্বন নিৰ্গমন নহয়; কেৱল বিশুদ্ধ পানীৰ ভাপহে ওলাই আহে।
৪. হাইড্ৰব্ৰিড বেটাৰী চিষ্টেম: ফুৱেল চেলে উৎপাদন কৰা অতিৰিক্ত বিদ্যুৎ ‘লিথিয়াম আইৰন ফছফেট’ (LFP) বেটাৰীত জমা কৰি ৰখা হয়। যেতিয়া ৰে’লখনৰ গতি বৃদ্ধি (Acceleration) কৰিবলগীয়া হয়, তেতিয়া এই বেটাৰীয়ে অতিৰিক্ত শক্তি যোগান ধৰে। লগতে ব্ৰেক মাৰিলে উৎপন্ন হোৱা শক্তিকো ই পুনৰ জমা কৰি ৰাখে (Regenerative Braking)।
ৰে’লখনৰ বিশেষত্বসমূহ:
- এই ৰে’লখনত ১০টা ডবা আছে, যাৰ ভিতৰত দুখন হাইড্ৰ’জেন ড্ৰাইভিং পাৱাৰ কাৰ আৰু ৮ খন সাধাৰণ ডবা। ইয়াত একেলগে প্ৰায় ২,৬০০ যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব।
- ৰে’লখনৰ সৰ্বোচ্চ গতিবেগ এতিয়া ঘণ্টাত ৭৫ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে, যদিও ইয়াৰ ডিজাইন ঘণ্টাত ১১০ কিলোমিটাৰ গতিবেগৰ বাবে উপযোগী।
- এই প্ৰকল্পক সহযোগিতা কৰিবলৈ হাৰিয়ানাৰ জিন্দত ভাৰতৰ সৰ্ববৃহৎ ৰে’লৱে হাইড্ৰ’জেন সংৰক্ষণ আৰু ৰিফুৱেলিং (Refuelling) কেন্দ্ৰ স্থাপন কৰা হৈছে, য’ত ৩,০০০ কিলোগ্ৰাম পৰ্যন্ত হাইড্ৰ’জেন জমা কৰি ৰাখিব পৰা যাব।
সুৰক্ষা ব্যৱস্থা:
যিহেতু হাইড্ৰ’জেন এবিধ অতি দহনশীল গেছ, সেয়েহে সুৰক্ষাৰ বাবে ৰে’লখনত হাইড্ৰ’জেন লিক ডিটেক্টৰ, জুই ধৰা পেলোৱা ব্যৱস্থা (Flame Detection), স্বয়ংক্ৰিয় হাইড্ৰ’জেন শ্বাট-অফ মেকানিজম আৰু নিৰন্তৰ বায়ু চলাচলৰ (Ventilation) সুব্যৱস্থা কৰা হৈছে।
গৱেষণা, ডিজাইন আৰু মানদণ্ড সংস্থা (RDSO)ৰ কাৰিকৰী তত্ত্বাৱধানত সম্পূৰ্ণ ভাৰততে নিৰ্মিত এই প্ৰকল্পই ভাৰত চৰকাৰৰ ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন মিছন’ (National Green Hydrogen Mission)ক এক নতুন মাত্ৰা প্ৰদান কৰিছে।
