ইঞ্জিনত হোৱা বিসংগতিৰ বাবে হৈছিল ৰে’ল দুৰ্ঘটনা!

বৃহস্পতিবাৰে সন্ধিয়া বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’লখনৰ ১২টা ডবা লাইনচ্যুত হোৱাৰ পিছত শুকুৰবাৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। এই ৰে’ল দূৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। দুৰ্ঘটনাটোৰ বিষয়ে বিৱৰণ প্ৰদান কৰি মন্ত্ৰীজনে কয়, ৰে’লখনৰ Locomotive সঁজুলিত বিসংগতি সন্দেহ কৰা হৈছে। অৱশ্যে, দুৰ্ঘটনাটোৰ মুখ্য কাৰণটো এতিয়াও নিশ্চিত হোৱা নাই।

এই ৰে’ল দুৰ্ঘটনাত নিহত হোৱা পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য। গুৰুতৰভাৱে আহতসকললৈ ১ লাখ টকাৰ সাহায্য, আহতসকললৈ ২৫,০০০ টকাৰ সাহায্য আগবঢ়াইছে ৰে’ল বিভাগে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বক্সাৰ ইমানে খেলিফ পুৰুষ নে মহিলা? শেহতীয়া তথ্যই হতচকিত কৰিব আপোনাকো

পেৰিছ অলিম্পিকৰ স্বৰ্ণজয়ী বক্সাৰ ইমানে খেলিফ প্ৰকৃততে এজন পুৰুষ।...

আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন

আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। সমানে সমানে যুঁজিছে ড’নাল্ড ট্ৰাম্প-কমলা...

টেংকাৰৰ খুন্দাত মুহূৰ্ততে শেষ হৈ গ’ল সকলো

মঙলবাৰে সন্ধিয়া বৰপেটাৰোডত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা।...

নিমিষতে শেষ প্ৰাণোচ্ছল দুটা জীৱন

এতিয়া মৰাণত অমানিশা যেন মনৰ এন্ধাৰ। ফুৰিবলৈ বুলি ওলাই...