দুদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া ভ্ৰমণ সামৰিলে কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৱা ১৯ আৰু ২০ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে ভাৰতৰ সামুদ্ৰিক প্ৰতিৱেশী ৰাষ্ট্ৰ ইণ্ডোনেছিয়া ভ্ৰমণ কৰে । এই ভ্ৰমণছোৱাত মন্ত্ৰীগৰাকীয়ে যোৱা ২০ অক্টোবৰত জাকাৰ্টাস্থিত ইণ্ডোনেছিয়াৰ সংসদ ভৱনত অনুষ্ঠিত দেশখনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰব’ৱো চুবিয়ান্তো আৰু উপ-ৰাষ্ট্ৰপতি গিব্ৰান ৰাকাবুমিং ৰাকাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি দুয়োগৰাকী নেতাক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে । তদুপৰি এই ভ্ৰমণকালত বিদেশ মন্ত্ৰীগৰাকীয়ে ইণ্ডোনেছিয়াত থকা ভাৰতৰ আগশাৰীৰ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও এক মত-বিনিময় অনুষ্ঠানত অংশ লয় । উল্লেখযোগ্য যে ইণ্ডোনেছিয়া ভাৰতৰ সামগ্ৰিক বিকাশ নীতিৰ এক অংশীদাৰী ৰাষ্ট্ৰ আৰু দেশখনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীৰ উপস্থিতিয়ে দুয়োখন দেশৰ দীৰ্ঘদিনীয়া বন্ধুত্বৰ সম্পৰ্কক পুনৰবাৰ সুনিশ্চিত কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...