দ্ৰুতবেগী ট্ৰাকত খুন্দা অসম গৌৰৱ গঁড়ৰ, ৰাজপথত ছিটিকি পৰিল গঁড়

কাজিৰঙাৰ এটা ভিডিঅ’ই সকলোকে ব্যথিত কৰি তুলিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’ অনুসৰি এখন দ্ৰুতবেগী বাহনত খুন্দা মাৰিলে এটা এশিঙীয়া গঁড়ে। ইয়াৰ পিছতে ৰাজপথতে বাগৰি পৰিল গঁড়টো। দ্ৰুতগতিত গাড়ী চলোৱাৰ বাবে পথ পাৰ হ’ব নোৱাৰিলে গঁড়টোৱে।

শিহৰণকাৰী এই ভিডিঅ’টো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে-
গঁড় আমাৰ বিশেষ বন্ধু; আমি তেওঁলোকৰ স্থানত কোনো ধৰণৰ উলংঘাৰ অনুমতি নিদিওঁ৷ কাজিৰঙাৰ হালধিবাৰীৰ এই দুৰ্ভাগ্যজনক কাণ্ডত গঁড়টো বাচিল। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালকজনক আটক কৰাৰ লগতে জৰিমনা বিহা হৈছে। আনহাতে, কাজিৰঙাত জীৱ-জন্তু ৰক্ষা কৰিবলৈ কৰিডৰৰ নিৰ্মাণ কৰি থকাৰ কথা ঘোষণা কৰিছে চৰকাৰে। ৩২ কিলোমিটাৰ দীঘল বিশেষ উচ্চ কৰিডৰ নিৰ্মাণৰ বাবে কাম কৰি থকাৰ কথা সদৰি কৰিছে।

উল্লেখ্য যে বানপানীৰ সময়ত আৰু নিশাৰ ভাগত প্ৰায়ে দ্ৰুতবেগত গাড়ী চলাই জৰিমনাৰ সন্মুখীন হৈ আহিছে একাংশ চালক। অসহায় জীৱকুলে ৰাজপথলৈ অহাৰ সময়তে চালকে খুন্দিওৱাৰ ফলত অকালতে প্ৰাণ হেৰুৱায় গঁড়, হৰিণা আৰু বন্য জন্তুসমূহে।

NKTV Digital
Author: NKTV Digital

380 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...