হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য সুৰক্ষা বিভাগৰ দলটোৱে “বোম্বে ৰাস্মিনা হোটেল” নামৰ হোটেলখনত অভিযান চলাইছিল। অভিযানৰ সময়ত হোটেলখনৰ অত্যন্ত কদৰ্যময়, অস্বাস্থ্যকৰ পৰিৱেশ দেখি দলৰ সদস্যসকল হতবাক হৈ পৰিছিল। খাদ্য প্ৰস্তুতিৰ স্থান, সংৰক্ষণ আৰু সেৱাৰ পৰিৱেশ সম্পূৰ্ণৰূপে অস্বাস্থ্যকৰ আছিল, যিয়ে গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতি গুৰুতৰ আশংকাৰ সৃষ্টি কৰিছিল।

এই অভিযানৰ নেতৃত্ব দিছিল খাদ্য সুৰক্ষা বিভাগৰ বিষয়া প্ৰতিষ্ঠা চেতিয়াই। দলটোৱে হোটেলখনৰ দুয়োটা শাখা তৎকালীনভাৱে ছীল কৰি দিছে আৰু প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখ্য যে, এই দুয়োখন হোটেলৰ স্বত্বাধিকাৰী হৈছে বিতৰ্কিত ব্যৱসায়ী আলতাব হুছেইন। খাদ্য সুৰক্ষা বিভাগৰ এই দৃঢ় আৰু কঠোৰ পদক্ষেপক সমাজৰ সচেতন মহলৰ লগতে সাধাৰণ ৰাইজে ব্যাপকভাৱে আদৰণি জনাইছে। জনসাধাৰণে এনে অভিযানক অতি প্ৰশংসনীয় বুলি অভিহিত কৰি ৰাইজৰ স্বাস্থ্য আৰু নিৰাপত্তাৰ স্বাৰ্থত ভৱিষ্যতেও এনে অভিযান নিয়মীয়াকৈ অব্যাহত ৰখাৰ আহ্বান জনাইছে।

খাদ্য সুৰক্ষা বিভাগে জনসাধাৰণক আশ্বাস দিছে যে – ৰাইজৰ স্বাস্থ্য ৰক্ষাৰ বাবে এনে অভিযানসমূহ নিয়মীয়া আৰু কঠোৰভাৱে চলাই যোৱা হ’ব। কোনো ধৰণৰ অস্বাস্থ্যকৰ খাদ্য প্ৰস্তুতি বা বিক্ৰীৰ বিৰুদ্ধে বিভাগে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে।

এই পদক্ষেপে হোজাইত খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। আশা কৰা হৈছে যে, এনে অভিযানৰ জৰিয়তে অস্বাস্থ্যকৰ খাদ্য প্ৰতিষ্ঠানসমূহ নিয়ন্ত্ৰণলৈ আহিব আৰু ৰাইজে সুষম খাদ্য লাভ কৰিবলৈ সক্ষম হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...