গ্ল’বেল চিনে কনফ্লুৱেন্স ২০২৬-ত অসমীয়া ছবি ‘আদি শক্তি’ৰ চমকপ্ৰদ সফলতা : লাভ কৰিলে তিনিটাকৈ গুৰুত্বপূৰ্ণ বঁটা

গ্ল’বেল চিনে কনফ্লুৱেন্স ২০২৬-ত অসমীয়া ছবি ‘আদি শক্তি’ৰ চমকপ্ৰদ সফলতা : লাভ কৰিলে তিনিটাকৈ গুৰুত্বপূৰ্ণ বঁটা

নৱাগতা অভিনেত্ৰীৰ বঁটা লাভ আৰ্শিয়া মহন্তৰ

গুৱাহাটী,১৫ ফেব্ৰুৱাৰী : বছৰটোৰ আৰম্ভণিতে অসমৰ সাংস্কৃতিক জগতলৈ আহিছে এক সুখবৰ । নতুন দিল্লীত যুটীয়া আন্তঃৰাষ্ট্ৰীয় চিনেমা সমাৰোহ হিচাপে অনুষ্ঠিত হোৱা ১৮ সংখ্যক জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (JIFF) ২০২৬, ৯ম নতুন দিল্লী চলচ্চিত্ৰ মহোৎসৱ (NDFF) ২০২৬ আৰু গোলকীয় চিনে কনফ্লুৱেন্স (GCC) – দিল্লী ফিল্ম কনভেনচন এণ্ড চামিট – ২০২৬ ত অসমীয়া কথাছবি ‘আদি শক্তি’য়ে তিনিটাকৈ সন্মানীয় বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কথাছবিখনৰ বাবে নৱাগতা অভিনেত্ৰী শিতানত বঁটা কৰিছে আৰ্শিয়া মহন্তই । ‘ আদি শক্তি ‘ ত নৱাগতা অভিনেত্ৰী আৰ্শিয়া মহন্তই পুৰুষ-তান্ত্ৰিক সমাজ ব্যৱস্থা আৰু তাহানিৰ দিনৰ পৰা চলি থকা পৰম্পৰাৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়াৰ সংগ্ৰামখন সফল কৰাৰ কাহিনী প্ৰতিষ্ঠা কৰিছে ।

যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপম আৰু ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত এই সমাৰোহ দেশৰ ভিতৰতে অন্যতম বৃহৎ চলচ্চিত্ৰ সমাৰোহ। এই বিশেষ মঞ্চত চলচ্চিত্ৰ নিৰ্মাতা, গৱেষক আৰু সমালোচকসকলৰ মাজত কলাত্মক আদান-প্ৰদানৰ এক সুন্দৰ পৰিৱেশ সৃষ্টি হয়।

আইৰা ষ্টুডিঅ’ৰ দ্বাৰা প্ৰযোজিত আৰু বিতুপন কাশ্যপৰ দ্বাৰা পৰিচালিত অসমীয়া কথাছবি ‘আদি শক্তি’য়ে এই মহোৎসৱত লাভ কৰা বঁটা কেইটা হৈছে— শ্ৰেষ্ঠ কাহিনী চিত্ৰ (আদি শক্তি), শ্ৰেষ্ঠ মূল কাহিনী (ইন্দ্ৰাণী বৰুৱা) আৰু শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী (আৰ্শিয়া মহন্ত)। এই উল্লেখনীয় সফলতাই অসমীয়া চলচ্চিত্ৰ জগতলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে এই অঞ্চলৰ কাহিনী কথনৰ শৈলীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

এইবাৰৰ মহোৎসৱত বিশ্বৰ ৬০ খনতকৈও অধিক দেশৰ ৪,০০০ তকৈও অধিক চলচ্চিত্ৰৰ ভিতৰত ৬ শতাধিক ছবি প্ৰতিযোগিতামূলক শাখাত প্ৰদৰ্শিত হয়। ভাৰতৰ লগতে ইউ কে , ইটালী, ফ্ৰান্স, জাৰ্মানী, আমেৰিকা, জাপান, পাকিস্তান আৰু ইউ.এ.ই. আদি দেশৰ প্ৰায় ১,০০০ ৰো অধিক প্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ১০ টা বিভিন্ন শাখাত বঁটাসমূহ প্ৰদান কৰা হয়। ১০ টা শাখাত মুঠ ১২ খন সৰ্বশ্ৰেষ্ঠ কথাছবি এই সমাৰোহত প্ৰদৰ্শিত হয় । এই সমাৰোহে
বিশ্বৰ উদীয়মান তথা অভিজ্ঞ চলচ্চিত্ৰ নিৰ্মাতাসকলক একত্ৰিত কৰি এক অনন্য সাংস্কৃতিক মিলনক্ষেত্ৰৰ সৃষ্টি কৰাত বিশেষ সফলতা লাভ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...