লোকসভাৰ পৰা বহিষ্কাৰ হ’ব তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ!

সংসদৰ বিশেষাধিকাৰ ভংগৰ অভিযোগত লোকসভাৰ পৰা তৃণমূল সাংসদ মহুৱা মৈত্ৰ বহিষ্কাৰ হোৱাটো প্ৰায় নিশ্চিত। কিন্তু তাৰ পূৰ্বে মহুৱা মৈত্ৰই লোকসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা এক পত্ৰই সৃষ্টি কৰিছে আন এক বিতৰ্কৰ।

লোকসভাৰ পৰা বহিষ্কাৰ হ’ব তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ!
লোকসভাৰ এথিক্ছ কমিটীয়ে ইতিমধ্যেই এই মৰ্মে দিছে পৰামৰ্শ
৫০০ পৃষ্ঠাজোৰা প্ৰতিবেদনত মহুৱাৰ বিৰুদ্ধে আইনী তদন্তৰ পৰামৰ্শ চৰকাৰৰ
মহুৱাৰ কাৰ্য ‘অত্যন্ত আপত্তিজনক, অনৈতিক অপৰাধমূলক’ আখ্যা
‘এথিক্ছ কমিটীৰ গোপন প্ৰতিবেদন কিদৰে সংবাদ মাধ্যমত পূৰ্বে প্ৰকাশ পালে?’
এই প্ৰশ্ন তুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ সাংসদ মহুৱাৰ প্ৰশ্ন
বৃহস্পতিবাৰে পুনৰ এথিক্ছ কমিটীত হাজিৰ হ’ল মহুৱা
পূৰ্বেই অধ্যক্ষলৈ পত্ৰ লিখি হেঁচা দিলে এথিক্ছ কমিটীক

লোকসভাৰ পৰা তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ নিলম্বিত হোৱাটো প্ৰায় নিশ্চিত। এথিক্ছ কমিটীয়ে সাংসদ মহুৱা মৈত্ৰক দোষী সাব্যস্ত কৰি এই মৰ্মে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ প্ৰেৰণ কৰিছে ৫০০ পৃষ্ঠাজোৰা এক প্ৰতিবেদন। এক সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এথিক্ছ কমিটীয়ে সংসদৰ গোপনীয়তা ভংগৰ অভিযোগত অভিযুক্ত কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰিছে। এই প্ৰতিবেদনত পশ্চিমবংগৰ কৃষ্ণনগৰ সমষ্টিৰ পৰা প্ৰথমবাৰলৈ লোকসভালৈ নিৰ্বাচিত হোৱা মহুৱা মৈত্ৰক সংসদৰ বাকী কাৰ্যকালৰ পৰা বহিষ্কাৰ কৰিবলৈ পৰামৰ্শ দিয়া বুলি প্ৰকাশ পাইছে। মহুৱাৰ বিৰুদ্ধে অভিযোগ তেওঁ সাংসদ ৰূপে থকা বিশেষাধিকাৰ ভংগ কৰিছে। লোকসভাৰ গোপনীয়তা ভংগ কৰি ব্যৱসায়ী বন্ধু দৰ্শন হিৰানন্দানীক লোকসৱাৰ ৱেবছাইটৰ পাছৱৰ্ড ব্যৱহাৰ কৰিবলৈ দিছিল।

‘এথিক্ছ কমিটীৰ গোপন প্ৰতিবেদন কিদৰে সংবাদ মাধ্যমত পূৰ্বে প্ৰকাশ পালে?’
এই প্ৰশ্ন তুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ সাংসদ মহুৱাৰ প্ৰশ্ন
বৃহস্পতিবাৰে পুনৰ এথিক্ছ কমিটীত হাজিৰ হ’ল মহুৱা
পূৰ্বেই অধ্যক্ষলৈ পত্ৰ লিখি হেঁচা দিলে এথিক্ছ কমিটীক

সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগত গোচৰ চলি থকা অৱস্থাত কিদৰে এই প্ৰতিবেদন ৰাজহুৱা হ’ল তাক লৈ সাংসদগৰাকীয়ে তোলা প্ৰশ্নৰ অধ্যক্ষই বিৰলাই কি উত্তৰ দিয়ে সেয়া হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...