ৰিয়ান এজন সুদক্ষ প্ৰতিভাৱান ক্ৰিকেটাৰ। তেওঁৰ বেটিং সঁচাকৈয়ে উপভোগ্য: ট্ৰেণ্ট ব’ল্ট

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ-২০২৪ [আই পি এল] ৰ কাইলৈ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগা মেচত ৰাজস্থান ৰয়েলছে ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব৷ এয়া ৰাজস্থান ৰয়েলছৰ চলিত ছিজনৰ প্ৰথমখন বিপক্ষৰ ঘৰত খেলিব লগা মেচ৷ উল্লেখ্য যে আই পি এলৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে গৃহভূমি জয়পুৰত ছিজনৰ প্ৰথম দুখন মেচ খেলি উভয় মেচতে জয়ৰে প্ৰত্যাশিত আৰম্ভনি কৰিছে৷ বিপক্ষৰ ঘৰত খেলিলেও দলে সফলতাৰ ধাৰাবাহিকতা ধৰি ৰাখি জয়যাত্ৰা অব্যাহত ৰাখিবলৈ সাজু।

উল্লেখ্য যে ৰাজস্থান ৰয়েলছক প্ৰথম দুখন মেচত সফলতা দিয়াত মুখ্য ভূমিকা লৈছে দলৰ মিডিল অৰ্ডাৰ বেটাৰ অসম সন্তান ৰিয়ান পৰাগে৷ কাইলৈৰ মেচতো স্বাভাৱিকতে ৰিয়ানৰ বেটিঙৰ ওপৰত ৰাজস্থান ৰয়েলছৰ প্ৰদৰ্শন নিৰ্ভৰ কৰিব৷ কেবল এখন-দুখন মেচে নহয় এইবাৰ ৰাজস্থানৰ সামগ্ৰীক প্ৰদৰ্শনত অসম সন্তানৰ অৱদান গুৰুত্বপূৰ্ণ হ’ব বুলি আজি সংবাদমেলত ব্যক্ত কৰে দলটোৰ পেচ বলাৰ নিউজিলেণ্ডৰ অভিজ্ঞ ট্ৰেণ্ট বৌল্টে।

‘ৰিয়ান এজন সুদক্ষ প্ৰতিভাবান ক্ৰিকেটাৰ৷ তেওঁৰ বেটিং সচাকৈয়ে উপভোগ্য৷ তিনি বছৰ আগৰ কথা, তেতিয়া মই মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিলো৷ এখন অনুশীলন মেচত ৰিয়ানে আমাৰ দলটোৰ বিৰুদ্ধে ৩০ টা বলত ৮৫ ৰাণ কৰিছিল৷ তেতিয়াই তেওঁৰ প্ৰতিভাৰ উমান পাইছিলো৷ এইবাৰ তেওঁ সুন্দৰ আৰম্ভনি কৰিছে৷ মই ভাবো ৰাজস্থান দলৰ সফলতাত ৰিয়ানৰ অবদান গুৰুত্বপূৰ্ণ হ’ব৷’ বৌল্টে কয়।

উল্লেখ্য যে ২২ বছৰীয়া অসম গৌৰৱ ৰিয়ান পৰাগে যোৱা মেচত অপৰাজিত ৮৪ [৪৫ বল] ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক চলিত আই পি এলত ছিজনৰ দ্বিতীয়খন মেচত ক্ৰমাগত বিজয় কৰোৱাত নায়কৰ ভূমিকা লৈছিল৷ সুদক্ষ অল ৰাউণ্ডাৰগৰাকীয়ে ইয়াৰপূৰ্বে জয়পুৰৰ সবাই মনাসিং ষ্টেডিয়ানত ছিজনৰ প্ৰথমখন মেচতো ৪৩ ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক জয়ৰে অভিযান আৰম্ভ কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

ইফালে, দলৰ দুই অপেনাৰ জ’ছ বাটলাৰ আৰু যশস্বী জয়ছোৱালৰ বেটিঙক লৈ প্ৰশ্ন কৰাত বৌল্টে কয় যে দূয়োজনে সুদক্ষ বেটাৰ তথা ৰাণৰ বাবে ভোকাতুৰ৷ কাইলৈ ৱেংখেড়েৰ বেটিং সহায়ক উইকেটত উভয়ে ৰাজস্থানক সুন্দৰ আৰম্ভনি দিব বুলি তেওঁ আশাবাদী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...