একেলগে খেলি ধূলি ডাঙৰ হোৱা দুটি শিশুৰ কৰুণ মৃত্যু

বৃহস্পতিবাৰৰ বিয়লি বৰপেটাৰোডৰ বালাভিটাত ঘটি গ’ল অনাকাংক্ষিত ঘটনা। একেলগে খেলি ধূলি ডাঙৰ হোৱা দুটি শিশুৰ কৰুণ মৃত্যু। সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ কাৰণ জানিলে আপুনিও হ’ব হতবাক। প্ৰশ্ন উঠিব কিমান দায়িত্বহীনতাত হ’ব পাৰে এনে এক অপৰাধ?

বৰপেটাৰোডৰ বালাভিটাত ঘটি গ’ল অনাকাংক্ষিত ঘটনা
একেলগে খেলি ধূলি ডাঙৰ হোৱা দুটি শিশুৰ কৰুণ মৃত্যু
বালাভিটাত নতুনকৈ নিৰ্মাণ কাৰ্য চলি আছে এটা মছজিদৰ
মছজিদৰ প্ৰাংগণতে নিৰ্মাণ চলি আছিল শৌচালয়ৰ
শৌচালয়ৰ বাবে খন্দা গাঁতত পৰিল কণমানি আব্দুল আৰু আবুল
নিমিষতে নিঃশেষ হ’ল দুটি নিষ্পাপ শিশুৰ জীৱন

কাৰ ভুলত এই কান্দোনৰ ৰোল?
নিমিষতে নিঃশেষ হ’ল দুটি নিষ্পাপ শিশুৰ জীৱন?

এই ক্ৰন্দন কাতৰ পৰিৱেশ বৰপেটা ৰোডৰ বালাভিটাৰ। পৰ্দাত দেখি থকা এই ফটো দুখন আব্দুল হাবিব আৰু আবুল হকৰ। বয়স ৫ আৰু ৭ বছৰ। একেলগে খেলি ধূলি ডাঙৰ হোৱা ল’ৰা দুটা নোহোৱা হৈছিল বৃহস্পতিবাৰৰ বিয়লিৰে পৰা। বহু বিচাৰ খোঁচাৰ চলিল। দোকানলৈ ওলাই যোৱা দুই শিশুৰ চেণ্ডেল দুযোৰ দেখা গ’ল এইদৰে। এয়া বালাভিটাত নতুনকৈ নিৰ্মাণ কাৰ্য চলি থকা মছজিদৰ প্ৰাংগন। চেণ্ডেল ওপঙি থকা এই ঠাই ডোখৰত খন্দা হৈছিল শৌচালয় নিৰ্মাণৰ বাবে গাঁত। নেৰানেপেৰা বৰষুণৰ ফলত পানীৰে ভৰি আছিল গাঁতটো। বিহ্বল নিকট আত্মীয়ই জনালে কিদৰে ঘটি গ’ল অনাহুত এই ঘটনাটো।

প্ৰায় ৬ৰ পৰা ৭ ফুট দ এই গাঁত। ঘটনাৰ পিছতে দাবী উঠিছে সুৰক্ষাৰ বাবে দেৱাল নিৰ্মাণৰ।

নিমিষতে শেষ দুটা ফুল কোমল জীৱন। দুখন ঘৰত এতিয়া চকুপানীৰে বাট নেদেখা অৱস্থা। কান্দিছে কেৱল কান্দিছে।

পানীত ডুব গৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল ২ শিশু
ততাতৈয়াকৈ নিয়া হ’ল বৰপেটা ৰোড FRU লৈ
কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে শিশু দুটিক


এই অভাৱনীয় ঘটনাটোৰ বাবে শোকস্তব্ধ এখন গাঁও, এটা অঞ্চল। স্থানীয় ৰাইজৰ দাবী, অতি ক্ষিপ্ৰতাৰে হওক সমাধান। কৰা হওক শীঘ্ৰতিশীঘ্ৰে সুৰক্ষাৰ ব্যৱস্থা।

4 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আছু-উন্নতি সভা-অসম সেনাৰ আহ্বানত ১৮ মাৰ্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল

অসমৰ ভৱিষ্যৎ ৰক্ষাৰ্থে, অসমক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সদৌ অসম...

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত আজীৱন বসবাস কৰিব নোৱাৰিব! মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ বক্তব্যত উদ্বেগ

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত স্থায়ীভাৱে অনিৰ্দিষ্টকাললৈ বসবাস কৰাৰ সুবিধা...

বিয়াৰ বাবে ১ লাখ টকাৰ সাহায্য আৰু মেধাৱী কন্যাৰ বাবে স্কুটী

'বেটী বচাও বেটী পঢ়াও' আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে...