অস্কাৰৰ বাবে মনোনীত 2018 এভ্ৰিৱান ইজ এ হিৰো

ভাৰতীয় চলচিত্ৰপ্ৰেমীৰ বাবে এক ডাঙৰ খবৰ। অস্কাৰৰ বাবে মনোনীত হ’ল দক্ষিণৰ চিনেমা ‘2018 এভ্ৰিৱান ইজ এ হিৰো’। টবিনো থমাছ অভিনীত মালায়ালম ভাষাৰ ‘এভৰিৱাইন ইজ এ হিৰো’ই ২০২৪ৰ অস্কাৰত প্ৰতিনিধিত্ব কৰিব ভাৰতক। ২০২৪ৰ বাবে অস্কাৰলৈ ভাৰতৰ পৰা কোনখন ছবি অস্কাৰৰ মঞ্চলৈ প্ৰেৰণ কৰা হব তাক লৈ চিনে অনুৰাগীসকল উৎকণ্ঠা হৈ আছিল। ভাৰতীয় চলচ্চিত্র ফেডাৰেশ্যনে (এফএফআই) চলচ্চিত্ৰৰ আবেদন দাখিল কৰিবলৈ ২৫ দিন সময় দিছিল। আবেদন দাখিলৰ অন্তিম তাৰিখ আছিল ১০ ছেপ্টেম্বৰ। এই আবেদনসমূহৰ ভিত্তিত প্রাথমিক তালিকাখন প্রস্তুত কৰি উলিওৱা হৈছে। প্ৰাৰম্ভিক তালিকাত পৰিচালক সুদীপ্ত সেনৰ দ্য কেৰালা ষ্টৰী, অভিষেক বচ্চন অভিনীত আৰু আৰ বান্ধিৰ ‘ঘুমৰ, অনন্ত মহাদেৱনৰ ‘দা গল্পকাৰ’, নন্দিতা দাসৰ ‘জুইগাটো’ৰ মাজৰে কোনোবা এখনে স্থান পাব বুলি বহুতে আশা কৰিছিল। ইয়াৰ লগতে জোহৰৰ ৰকি ঔৰ ৰাণী কি প্রেম কাহানীৰ নামো লোৱা হৈছিল। কিন্তু সকলোকে চেৰ পেলাই টবিনো থমাছৰ ২০১৮: এভ্ৰিৱান ইজ এ হিৰো ছবি খন অষ্কাৰৰ মঞ্চলৈ নিৰ্বাচিত হয়। জুড এন্থনী ঘোচেফৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখন বাস্তৱ জীৱনৰ ওপৰত আধাৰিত। ২০১৮ চনৰ কেৰালাৰ প্ৰলংকৰী বানপানীৰ ঘটনাৰ আধাৰত ইয়াৰ চিত্ৰনাট্য লিখি উলিওৱা হৈছে। ৩০ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা ২০১৮: এভ্ৰিবডি ইজ এণ্ড হিৰো চলিত বৰ্ষৰ ৫ মেত ছবিগৃহত মুক্তি দিয়া হৈছিল। ছবিখনে বক্স অফিচত ২০০ কোটি টকাৰ ব্যৱসায় কৰিছিল। আৰু কেইটামান প্ৰক্ৰিয়াৰ পিছতে এইবাৰ ছবিখনে কৰিব অস্কাৰমুখী যাত্রা।
উল্লেখ্য যে, ২০২৩ চনত দক্ষিণৰ ছবি আৰআৰ’-এ অস্কাৰৰ মঞ্চ কঁপাই তুলিছিল। ছবিখনৰ নাটু নাটু গানটোৱে শ্রেষ্ঠ মূল গীতৰ অস্কাৰ লাভ কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মহানগৰীৰ কেইবাখনো পাহাৰত বনজুইৰ বিভীষিকা

যেন ৰুষ্ট হৈছে প্ৰকৃতি। মহানগৰীৰ কেইবাখনো পাহাৰত বনজুইৰ বিভীষিকা।...

পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি

পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি। ঘূৰি আহিলে ভাৰতলৈ...

পৃথিৱীত অৱতৰণ কৰাৰ পাছত কি সমস্যাৰ সন্মুখীন হ’ব পাৰে সুনীতা উইলিয়ামছ?

পৃথিৱীত অৱতৰণ কৰাৰ পাছত কি সমস্যাৰ সন্মুখীন হ’ব পাৰে...

পদে পদে বিপদ, কি কি প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ?

আৰম্ভ হ’ল সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তনৰ যাত্ৰা। মহাকাশ আস্থানৰ...