তালিবানক সমৰ্থন কৰি গ্ৰেপ্তাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ

সামাজিক মাধ্যমৰ জৰিয়তে তালিবানৰ পাশৱিক আৰু অমানৱীয় কাণ্ডৰ সমৰ্থনত পোষ্ট দি ৰঙা ঘৰলৈ এজন ছাত্ৰ। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ MBBSৰ তৃতীয় বৰ্ষৰ ছাত্ৰ নাডিম আখটাৰক শুকুৰবাৰে হাইলাকান্দি জিলাৰ নিজা বাসগৃহৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে, হাইলাকান্দি থানাত পঞ্জীয়নভূক্ত গোচৰৰ বিপৰীতে ধৃত নাডিমৰ ওপৰত তদন্ত আৰম্ভ কৰিছে বুলি শোণিতপুৰৰ আৰক্ষী অধীক্ষক ধনঞ্জয় ঘনাৱটে আজি সাংবাদিকৰ আগত সদৰি কৰিছে।

ইফালে, শোণিতপুৰ আৰক্ষীয়ে আফ্ৰিকা আৰু আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ভুৱা টেলিফোন নম্বৰ ব্যৱহাৰ কৰি ঢেকিয়াজুলিৰ এগৰাকী যুৱতীলৈ অশ্লীল ফটো প্ৰেৰণ কৰি যুৱতী গৰাকীক ব্লেক মেইল কৰাৰ অভিযোগত ওৱাহিদ আলম নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...