ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক হত্যাৰ অপচেষ্টা চলাই আটক তিনিজন যুৱক

গুৱাহাটী,৭ আগষ্ট, NKTV:  বৃহস্পতিবাৰে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত হত্যাকে ধৰি ভিন্ন অপৰাধৰ অভিযোগত আটক হ’ল তিনিজন যুৱক। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক হত্যাৰ অপচেষ্টা কৰাৰ লগতে চিকিয়ৰিটি কাৰ্ডণ ভঙাৰ অভিযোগত যুৱক কেইজনক আটক কৰিলে আৰক্ষীয়ে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীজনে আবেলি নিজৰ বাসগৃহৰ ওচৰত খোজ কাঢ়ি থকা অৱস্থাতেই এই ঘটনা সংঘটিত হয়। আটকাধীন যুৱক তিনিজনে সংঘটিত কৰা এই ঘটনাৰ ফলত দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মুখ্যমন্ত্ৰীজনৰ প্ৰাণ। যদিও মুখ্যমন্ত্ৰীৰ এজন দেহৰক্ষী আঘাট প্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।
আটকাধীন যুৱক কেইজন ক্ৰমে শুভম সাহা(২৭), গাইৰিক ঘোষ(২৪) আৰু অমন সাহা(২৫) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। শুকুৰবাৰে স্থানীয় আদালতত তিনিও জন অপৰাধীকেই হাজিৰ কৰোৱা হৈছিল।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে, আটকাধীন যুৱক কেইজনে নিজৰ বাহনেৰে মুখ্যমন্ত্ৰীজনৰ চিকিয়ৰিটি কাৰ্ডণ ভাঙি তেওঁক হত্যা কৰাৰ অপচেষ্টা চলাইছিল। এই আক্ৰমণৰ পৰা কোনোমতে হাত সাৰিবলৈ সক্ষম হৈছিল মুখ্যমন্ত্ৰীজন। উল্লেখযোগ্য যে এই ঘটনা সংঘটিত হোৱাৰ আধা ঘণ্টাৰ ভিতৰতেই আৰক্ষীয়ে অপৰাধী কেইজনক আটক কৰিছিল। যুৱক তিনিজনৰ বিৰুদ্ধে ধাৰা ৩৫৩, ধাৰা ২৯৭, ধাৰা ৩৩২ আৰু ধাৰা ৩০৭ ওপৰত ভিত্তি কৰি গোচৰ ৰুজু কৰা হৈছে। মুখ্যমন্ত্ৰীৰ দেহৰক্ষীয়ে প্ৰদান কৰা সংকেত ভংগ কৰাৰ উপৰিও আৰক্ষীকো বাহনেৰে খুণ্ডিয়াইছিল অপৰাধী কেইজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...

বিশ্বৰ ৬নম্বৰ খেলুৱৈক হৰুৱাই ইতিহাস অনাহত সিঙৰ, এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছ ২০২৬ত ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে দেখুৱালে...