ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গৱেষণা গ্ৰন্থৰ তথ্য চুৰিৰ গুৰুতৰ অভিযোগ

বিতৰ্কই যেন লগ নেৰা হৈছে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ক৷ এইবাৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ এগৰাকী সহকাৰী অধ্যাপকৰ বিৰুদ্ধে। আনৰ গৱেষণা গ্ৰন্থৰ তথ্য চুৰিৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ডিব্ৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ বিজু মৰাণে। তেখেতৰ গৱেষণা গ্ৰন্থ ‘টাই ফাকে ভাষাঃ বৰ্ণনাত্মক অধ্যয়ন’ৰ বাবে ২০০৭ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। উল্লিখিত গৱেষণা গ্ৰন্থৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ দৰ্পণজিৎ কোঁৱৰে সৰ্বমুঠ ২৮ পৃষ্ঠাৰ তথ্য কোনো ঋণ স্বীকাৰ নকৰাকৈ বা গৱেষণা ৰীতিমতে যাৱতীয় প্ৰসঙ্গ উল্লেখ নকৰাকৈ ব্যৱহাৰ কৰি ‘খাময়াং আৰু ফাকে ভাষাৰ ধ্বনিতত্বঃ এক সাংবহনিক বিশ্লেষণ’ শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত ড॰ বিজু মৰাণে উপযুক্ত প্ৰমাণসহ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যলৈ লিখিতভাৱে অভিযোগ দাখিল কৰিছে। উল্লেখযোগ্য যে, দুৰ্নীতিৰ অভিযোগত উপাচাৰ্যসহ উপ-পঞ্জীয়ক নিলম্বন আৰু পঞ্জীয়ককে ধৰি কেইবাগৰাকীয়ো শীৰ্ষস্থানীয় ব্যক্তি পলাতক হৈ থকাৰ সময়তে বিশ্ববিদ্যালয়খনৰে এগৰাকী অধ্যাপকে পুনৰ বিশ্ববিদ্যালয়খনৰ সন্মান ভূ-লুণ্ঠিত কৰি এনে দুষ্কৰ্ম কৰাত বৌদ্ধিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কেনে ভূমিকা পালন কৰে সেয়া পৰৱৰ্তী সময়ত নিশ্চয় লক্ষ্যণীয় হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...

বিশ্বৰ ৬নম্বৰ খেলুৱৈক হৰুৱাই ইতিহাস অনাহত সিঙৰ, এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছ ২০২৬ত ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে দেখুৱালে...