ভূমিস্খলনৰ বাবে গুৱাহাটী-শিলচৰ পথত আৱদ্ধ প্ৰাক্তন বিধায়িকা ৰুমী নাথ

ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ পৰা বৰাক উপত্যকালৈ যোৱা একমাত্ৰ সুচল পথটোত ভূমিস্খলনৰ বাবে আৱদ্ধ হৈ আছ প্ৰায় দহ হাজাৰ লোক। বৰাক উপত্যকা, ডিমা হাছাও আৰু মেঘালয়ত যোৱা চাৰিদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মেঘালয় আৰু ডিমা হাছাওৰ বিভিন্ন স্থানত ভয়ংকৰ ভূমিস্খলন হৈছে। অসম-মেঘালয় হৈ বৰাকলৈ যোৱা পথৰ ডিমা হাছাওৰ বহু পথত হোৱা ভূমিস্খলনৰ ফলত বহু যাত্ৰী ঘণ্টাৰ পাছত ঘণ্টা আৱদ্ধ হৈ থাকিব লগীয়া হয়।

উল্লেখ্য় যে, গুৱাহাটীৰ পৰা বৰাকলৈ যোৱা এই পথটোত হাজাৰ হাজাৰ লোকৰ লগতে আৱদ্ধ হৈ আছে প্ৰাক্তন বিধায়িকা ৰুমী নাথো। প্ৰাক্তন বিধায়িকা গৰাকীৰ অভিযোগ অনুসৰি পথত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। আৰু পথটো মুকলি কৰাৰ বাবেও কোনো ধৰণৰ ব্য়ৱস্থা হাতত লোৱা নাই। ৰুমী নাথৰ মন্তব্য অনুসৰি শিশু-মহিলাৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে বহু লোক আৱদ্ধ হৈ আছে আৰু যাৰ খোৱা সামগ্ৰীৰ পৰা আৰম্ভ কৰি শৌচ-প্ৰস্ৰাবৰো কোনো ধৰণৰ ব্যৱস্থা নাই বুলিও তেওঁ মন্তব্য কৰে। আৰু এই সন্দৰ্ভত প্ৰাক্তন বিধায়িকা গৰাকীয়ে কাছাৰৰ উপাযুক্তলৈ ফোনযোগে অভিযোগ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...