বাহিৰত সুখৰ, বিলাসী জীৱন… ভিতৰি শেষ হৈ গৈছিল মালবিকা

অসমৰ পৰা গৈ মুম্বাইত অভিনয়েৰে পৰিচয় লাভ কৰা এগৰাকী অভিনেত্ৰীৰ ৰহস্যজনক মৃত্যু। কৰিমগঞ্জৰ নুৰ মালবিকা দাসৰ মৃত্যুক লৈ এতিয়া ঘনীভূত হৈছে ৰৈছে। মুম্বাইৰ নিজা ফ্লেটত মালবিকাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰিলে আৰক্ষীয়ে। পৰিয়ালৰ একাংশৰ মতে নিজৰ কেৰিয়াৰক লৈ ডিপ্ৰেছনত ভুগি আছিল মালবিকাই। সেয়ে এই চৰম সিদ্ধান্ত। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

সুশান্ত সিং ৰাজপুতৰ মৃত্যু বাৰ্ষিকীলৈ মাজত দুদিন
এইবাৰ অভিনেত্ৰীৰ মৃত্যুৱে জোকাৰিছে মুম্বাই
ডিপ্ৰেছন…
বাহিৰত সুখৰ, বিলাসী জীৱন
ভিতৰি শেষ হৈ গৈছিল মালবিকা
অসমৰ অভিনেত্ৰীৰ মুম্বাইত মৃত্যু

ৱেব ছিৰিজেৰে অভিনয় জগতত খোপনি পোতাৰ প্ৰয়াস চলাইছিল মালবিকা দাসে। Walkaman, Siskiyaan, Teekhi Chatni, Jaghanya Upaya, Charamsukh, Dekhi Andekhi, Backroad Hustleৰ দৰে ছিৰিজত অভিনয় কৰিছিল মালবিকাই। শেহতীয়াকৈ বলীউড অভিনেত্ৰী কাজলৰ সৈতে THE TRIAL ছিৰিজত দেখা গৈছিল মালবিকাক। সেইগৰাকী অভিনেত্ৰীৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হল মুম্বাইৰ লোখণ্ডৱালাত থকা ফ্লেটত। উৱলি যোৱা মৃতদেহৰ উতকত গোন্ধ পাই এপাৰ্টমেন্টৰো আবাসীয়ে খবৰ দিছিল আৰক্ষীক। আৰক্ষী উপস্থিত হৈ মালবিকাৰ মৃতদেহ উদ্ধাৰ কৰিছিল। ইয়াৰ পাছতে আৰক্ষীয়ে খবৰ দিছিল পৰিয়ালৰ লোকক। পৰিয়ালৰ লিখিত আহ্বান অনুসৰি –
NGOৰ দ্বাৰা সম্পন্ন হৈছিল মালবিকাৰ শেষকৃত্য
আত্মহত্যা কৰিছিল মালবিকাই

কিন্তু কিয় চৰম সিদ্ধান্ত বাচি ললে অভিনেত্ৰী মালবিকাই। তাক লৈ ঘনীভূত হৈছে ৰহস্য। প্ৰথমে এয়াৰ হোষ্টেচ হিচাপে কাটাৰত কাম কৰিছিল মালবিকা দাসে। তাৰ পাছত খোজ দিছিল অভিনয় জগতত। এখনৰ পাছত আনখন ছিৰিজত অভিনয় কৰিছিল যদিও বহু চেষ্টা কৰিও বলীউডত বিচৰাধৰণে স্থান ল’বলৈ সক্ষম হোৱা নাছিল মালবিকা দাস।
বহুত সপোন লৈ মুম্বাইলৈ গৈছিল মালবিকা দাস
অভিনয় জগতত ভৰি থৈ নাম লৈছিল নুৰ মালবিকা দাস। কিন্তু নিজৰ কেৰিয়াৰক লৈ মুঠেও সুখী নাছিল মালবিকা। সেয়ে নিজকে শেষ কৰাৰ সিদ্ধান্ত। এই মন্তব্য নুৰ মালবিকা দাসৰ আত্মীয়ৰ। কিন্তু কথাটো অস্বীকাৰ কৰিছে নুৰ মালবিকাৰ ভগ্নীয়ে। কেইদিনমান পূৰ্বে মুম্বাইৰ পৰা আহিছিল মালবিকাৰ পিতৃ-মাতৃ। তেতিয়া সকলো ঠিকেই আছিল।

কৰিমগঞ্জৰ লক্ষীবজাৰৰ নাৰিকলি গাঁৱৰ পৰা গৈ মুম্বাইত কেৰিয়াৰ গঢ়াৰ লক্ষ্য আছিল মালবিকাৰ। দেউতাক অৱসৰপ্ৰাপ্ত শিক্ষক। মালবিকাৰ মৃত্যুক লৈ এতিয়া কৰিমগঞ্জত চাঞ্চল্য। ইপিনে The All India Cine Workers Association-এ এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে।
ডিপ্ৰেছনৰ বাবেই চৰম সিদ্ধান্ত নেকি মালবিকাৰ
নে আঁৰত আছিল আন কিবা কাৰণ
ইয়াকে লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৱে জোকাৰি গৈছিল মুম্বাইৰ লগতে সমগ্ৰ দেশ। ১৪ জুনত সুশান্ত সিঙৰ মৃত্যুৰ ৫ বছৰ হ’ব। আজিলৈ কিন্তু সুশান্তৰ মৃত্যুৰ ৰহস্য ফাদিল নহ’ল। তাৰ পাছত এই ঘটনা। মালবিকাৰ মৃত্যুক লৈ উদ্ৰেক ঘটিছে বহু প্ৰশ্নৰ। সৃষ্টি হৈছে চাঞ্চল্যৰ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...