মোদী ৩.০ৰ অংশীদাৰ অসমৰ ২ মন্ত্ৰীয়ে গ্ৰহণ কৰিলে দায়িত্ব

দ্বিতীয়টো কাৰ্যকালৰ বাবে জাহাজ, বন্দৰ আৰু জলপথ বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব ল’লে সৰ্বানন্দ সোণোৱালে। বস্ত্ৰ উদ্যোগ আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব ল’লে পৱিত্ৰ মাৰ্ঘেৰিটাই। দায়িত্ব লৈ দেশৰ লগতে অসমৰ উন্নয়নৰ হকে কাম কৰাৰ অংগীকাৰ দুই মন্ত্ৰীৰ। সোমবাৰে নিশাই নিজ কাৰ্যালয়ত প্ৰৱেশ কৰে সৰ্বানন্দ সোণোৱালে। বিভাগীয় কৰ্মচাৰী তথা একাংশ দলীয় সহযোগীয়ে সোণোৱালক জনালে সম্বৰ্ধনা। পুনৰবাৰ তেওঁৰ ওপৰত আস্থা ৰখাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন সোণোৱালৰ।

কাৰ্যালয়ত প্ৰৱেশৰ পিছতে সোণোৱালে পূৰ্বতকৈও বিভাগটোক অধিক গতিশীল কৰাৰ লগতে প্ৰথমটো কাৰ্যকালৰ আধৰুৱা কামসমূহ এইবাৰ পুৰণ কৰিব বুলি কৰে মন্তব্য। কাৰ্যালয়ত প্ৰৱেশ কৰিয়েই অসম তথা উত্তৰপূবৰ জলপথৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা হ’ব বুলিও ঘোষণা সোণোৱালৰ।

মঙলবাৰে পুৱাই বস্ত্ৰ উদ্যোগ বিভাগৰ কাৰ্যালয়ত দায়িত্ব গ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটাৰ
বিভাগীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ সৈতে ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে মাৰ্ঘেৰিটাই
প্ৰথমবাৰলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লৈ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিলে মনৰ অনুভৱ

গুৰুত্বপূৰ্ণ বিভাগটোত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰেৰণাৰেই কাম কৰি যোৱাৰ অংগীকাৰ মাৰ্ঘেৰিটাৰ। নিজেই টেক্সটাইল বিভাগৰ ছাত্ৰ হোৱাৰ বাবে বিভাগীয় কামকাজ আগবঢ়োৱাত সহায় হ’ব বুলি কৈ পৱিত্ৰ মাৰ্ঘেৰিটাই ক’লে। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লৈ কাৰ্যালয়ত প্ৰৱেশৰ দিনটোতে মাৰ্ঘেৰিটাৰ ঘোষণা অসমৰ শিপিনীৰ সমস্যা দূৰ কৰাৰ লগতে বস্ত্ৰ উদ্যোগৰ প্ৰসাৰৰ ক্ষেত্ৰততো কাম কৰি যাব। উল্লেখযোগ্য যে, মোদীৰ তৃতীয়টো কাৰ্যকালত গুৰুত্বপূৰ্ণ বৈদেশিক পৰিক্ৰমা বিভাগৰো ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...