এক গাৰ নোম শিয়ৰি উঠা ঘটনা

এক গাৰ নোম শিয়ৰি উঠা ঘটনা
পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি
প্ৰথমে স্বামীক দাৰে উপৰ্যুপৰি ঘপিয়াই নৃশংস হত্যা
পাছত ঘৰৰ চৌহদতে চিপ লৈ আত্মহত্যা মহিলাৰ

পুৱাই পোহৰলৈ অহা এই লোমহৰ্ষক ঘটনাক লৈ চৰাইদেউৰ উদয়পুৰত সৃষ্টি হয় চাঞ্চল্যৰ। পুৱা চাহ বাগিচাৰ পাত চিঙিবলৈ অহা একাংশ লোকে ঘৰৰ চৌহদৰে এজোপা লিচুগছত চিপ লোৱা অৱস্থাত প্ৰতক্ষ্য কৰে দুৰ্গেশ্বৰী ঘাটোৱাৰ নামৰ মহিলাগৰাকীৰ মৃতদেহ। মুহূৰ্ততে হুৱাদুৱা লাগে অঞ্চলটোত। ৰাইজে পৰিয়ালটোৰ আন লোকৰ সন্ধান কৰোতে পোহৰলৈ আহিল সকলোকে হতবাক কৰা এক ভয়ংকৰ দৃশ্য। ঘৰৰ ভিতৰত শোৱাপাটিতে উদ্ধাৰ হ’ল আত্মহত্যা কৰা দুৰ্গেশ্বৰীৰ স্বামী ঝৰীয়া সিং ঘাটোৱাৰৰ ৰক্তাক্ত মৃতদেহ। ঘটনাৰ সময়ত ঘৰত নাছিল পৰিয়ালটোৰ আন কোনো সদস্য।

ৰাইজৰ খবৰৰ ভিত্তিত মথুৰাপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। কিন্তু প্ৰশ্ন হয়, কিয় বৃদ্ধ স্বামীক হত্যা কৰি আত্মহত্যা কৰিলে দুৰ্গেশ্বৰী ঘাটোৱাৰে? মৃত দম্পতিৰ পুত্ৰই জনোৱা মতে প্ৰায়ে দুয়োৰে মাজত হৈছিল কাজিয়া। পাৰিবাৰিক অশান্তিৰ ফলতে কিছুদিনৰ পৰা মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল মাতৃয়ে। যাৰ পৰিণতিতে মহিলাগৰাকীয়ে সংঘটিত কৰিলে এই নৃশংস কাণ্ড।

ইতিমধ্যে আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত দুয়োটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই শিহৰণকাৰী ঘটনাৰ আঁৰত আছে নেকি আন কোনো ৰহস্য, সেই সন্দৰ্ভটো আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...