ৰাজ্যত ছোৱাইন ফ্লুৰ সংক্ৰমণৰ উদ্বেগজনক খবৰ

এতিয়া সঘনাই হাত ধোৱা, মাক্স পৰিধান কৰা অতি জৰুৰী। কিয়নো এটা উদ্বেগজনক খবৰে চিন্তাত পেলাইছে সকলোকে। ৰাজ্যত বিগত ৪৮ ঘণ্টাত ছোৱাইন ফ্লুৰ সংক্ৰমণত প্ৰাণ হেৰুৱালে দুটি শিশুৱে। পৰিস্থিতিৰ ভয়াবহতা বৰাকত অধিক। সতৰ্ক থাকক, সাৱধান হওক।

ৰাজ্যত ছোৱাইন ফ্লুৰ সংক্ৰমণৰ উদ্বেগজনক খবৰ
বৰাক উপত্যকাত ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি
৪৮ ঘণ্টাত দুটি শিশুৰ মৃত্যু
আক্ৰান্ত শিশুসকলৰ তথা পৰিয়ালৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী
বৰাকৰ স্বাস্থ্য বিভাগে বিষয়ৰ ওপৰত চলাইছে পৰ্যালোচনা
সমান্তৰালকৈ ৰাইজক আতংকিত নহৈ সজাগ হোৱাৰ আহ্বান

ৰাজ্যত ছোৱাইন ফ্লুৰ সংক্ৰমণৰ উদ্বেগজনক খবৰ
৪৮ ঘণ্টাত দুটি শিশুৰ মৃত্যু
বৰাক উপত্যকাত ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি

দুদিন পূৰ্বে হাইলাকান্দিত ফাৰহানা খানম নামৰ এটি ডেৰ বছৰীয়া শিশুৱে ছোৱাইন ফ্লুত আক্ৰান্ত হৈ সাৱটিছিল কৰুণ মৃত্যুক। মঙলবাৰে নিশা পুনৰ শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎ‍সাধীন অৱস্থাত মৃত্যু আন এটি ৪ মহীয়া শিশুৰ। ১২ এপ্ৰিলত জ্বৰত আক্ৰান্ত শিশুটিক ভৰ্তি কৰোৱা হৈছিল শিলচৰ মেডিকেল কলেজ হাস্পতালত। পৰৱৰ্তী সময়ত SMCHতে কৰোৱা শিশুটিৰ তেজৰ পৰীক্ষাত ধৰা পৰে H1N1 আৰু H3N2 ভাইৰাচৰ সংক্ৰমণ। প্ৰায় এটা মাহ চিকিৎ‍সাধীন হৈ থকা শিশুটিয়ে মঙলবাৰে নিশা সাৱটিলে মৃত্যুক।

এই পৰ্যন্ত বৰাকত ৫জন ৰোগীৰ দেহত চিনাক্ত হৈছে ছোৱাইন ফ্লু। আক্ৰান্ত সকলৰ এটি ১৩ বছৰীয়া কিশোৰৰ পৰিৱৰ্তে আনকেইটা শিশু। এবছৰতকৈ কম বয়সৰ শিশুৱে আক্ৰান্ত হৈছে সৰ্বাধিক। বৰ্তমানো SMCHত চিকিৎ‍সাধীন এটি শিশু।

আটাইতকৈ উদ্বেগজনক কথাটো হ’ল আক্ৰান্ত শিশুসকলৰ তথা পৰিয়ালৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী। তথাপি বৰাকৰ চূকে কোণে কেনেকৈ বৃদ্ধি পাইছে মাৰাত্মক ছোৱাইন ফ্লুৰ সংক্ৰমণ তাৰ পৰ্যালোচনা আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে। সমান্তৰালকৈ ৰাইজক আতংকিত নহৈ সজাগ হোৱাৰ বাবে জনাইছে আহ্বান।

সঘনাই হাত ধোৱা, মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে ৰাইজৰ জ্বৰ, বমি, মূৰৰ বিষ, ডিচেন্ট্ৰী আদি লক্ষণে দেখা দিলে শীঘ্ৰে চিকিৎ‍সকৰ পৰামৰ্শ লোৱাৰ বাবে আহ্বান জনাইছে স্বাস্থ্য বিভাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...