জীৱনত এবাৰহে স্নান কৰে এই জনজাতিৰ মহিলাসকলে

আজি আমি আপোনালোকক এনে এটা জনজাতিৰ বিষয়ে জনাম যিটো জনজাতিয়ে বছৰ বছৰ পুৰণি এটা পৰম্পৰা পালন কৰে। এই জনজাতিটো আছে আফ্ৰিকাত। যিটো জনজাতিয়ে পালন কৰা পৰম্পৰাৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব।

পৃথিৱীত বহুতো জাতি-জনজাতিয়ে বাস কৰে। সকলো জাতিৰে বিভিন্ন ধৰণৰ নীতি-নিয়ম আছে। কিন্তু আপুনি জানি আচৰিত হ’ব যে পৃথিৱীত এনে এটা জনজাতি আছে, যিটো জনজাতিৰ মহিলাসকলে জীৱনত কেৱল বিয়াৰ দিনাহে স্নান কৰে।

হয় ঠিকেই শুনিছে, আপুনি-মই বাস কৰা এইখন পৃথিৱীতে এনে এটা জনজাতি আছে যিটো জনজাতিৰ মহিলাসকলে কেৱল বিয়াৰ দিনাহে স্নান কৰে।

এই জনজাতিটোৰ নাম ‘হিম্বা’ হয়, এই জনজাতিয়ে ‘নামীবিয়া’ত বাস কৰে। এই জনজাতিটোৰ মুঠ আৱাসী প্ৰায় ৫০হাজাৰ। এই জনজাতিটোৰ ওপৰত বৰ্তমানলৈ বিজ্ঞানৰ কোনো প্ৰভাৱ পৰা নাই। এই জনজাতিটোৰ মাজত স্নান কৰাক লৈ আছে এক বিশেষ নিয়ম। এই জনজাতিৰ মহিলাসকলে তেওঁলোকৰ জীৱনত মাত্ৰ এবাৰেই স্নান কৰে। অৰ্থাত এই জনজাতিৰ মহিলাসকলে নিজৰ বিয়াৰ দিনাহে গা ধুৱে। এই জনজাতিৰ মহিলাসকলে নিজকে চাফা কৰি ৰাখিবলৈও এক বিশেষ পন্থা অৱলম্বন কৰে। তেওঁলোকে এজোপা বিশেষ ঔষধি গছ পানীত উতলাই আৰু তাৰ ভাপত নিজক চাফা কৰে যাৰ বাবে তেওঁলোকৰ শৰীৰৰ পৰা কোনো গোন্ধ বাহিৰ নহয়

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...