তৰিত গতিত সলনি হৈছে বতৰ

প্ৰতিনিয়ত বিশ্বজুৰি সলনি হৈছে সময়। আগেয়ে নোহোৱা নোপজা বহু প্ৰাকৃতিক ঘটনাপ্ৰৱাহে জোকাৰি গৈছে মানৱ সভ্যতাক। নৈপৰীয়াৰ বাবে নৈ কি, সেইয়া নদী সভ্যতাৰ দাঁতিকাষৰীয়া মানুহেহে জানে। গহপুৰৰ চত্ৰং নৈৰ পাৰত এতিয়া কৃষকৰ হাহাকাৰ।

তৰিত গতিত সলনি হৈছে বতৰ
তাৰতম্য ঘটিছে প্ৰকৃতিৰ চিৰাচৰিত ঘটনাসমূহৰ
অসমতো প্ৰকৃতিৰ ৰুষ্ট ৰূপত শুকাই গৈছে বহুকেইখন নদী
গহপুৰৰ বুকুৱেদি বোৱা চত্ৰং নদীত এতিয়া নাই এটোপালো পানী
যেনিয়েই চায় তেনিয়েই শুধ বগা বালি
বিপন্ন সময়ৰ শুকান চকুলো হৈ পৰিছে গহপুৰৰ চত্ৰং নৈ

তৰিত গতিত সলনি হৈছে বতৰ। জলবায়ু পৰিৱৰ্তনৰ বাবে তাৰতম্য ঘটিছে প্ৰকৃতিৰ চিৰাচৰিত ঘটনাসমূহৰ। বিশ্বজুৰি আগেয়ে নোহোৱা নোপজা ঘটনাপ্ৰৱাহে আচৰিত কৰিছে মানুহক। বিভিন্ন প্ৰান্তৰ দৰে অসমতো প্ৰকৃতিৰ ৰুষ্ট ৰূপত শুকাই গৈছে বহুকেইখন নদী।

গহপুৰৰ বুকুৱেদি বোৱা চত্ৰং নদীত এতিয়া নাই এটোপালো পানী

যেনিয়েই চায় তেনিয়েই শুধ বগা বালি

বৰ্তমান বাৰিষাৰ সময়৷ এই সময়ত নদ-নদীসমূহ পানীৰে ভৰপূৰ হৈ থাকে৷ কিন্ত প্ৰকৃতিৰ পৰিৱৰ্তনৰ ফলত ভয়ানক ৰূপ ধাৰণ কৰিছে এতিয়া ভিন্ন প্ৰান্তৰ নদ-নদীসমূহে৷ গহপুৰৰ চকুলো সদৃশ চত্ৰং নৈৰ কাহিনী। অৰুণাচলৰ পৰা বৈ অহা নদীখন এই সময়তে পানীৰে ওফন্দি উঠে। বানৰ সময়ত মানুহৰ বাবে সঁচাকৈয়ে বিপন্ন সময়ৰ চকুলোৰ দৰে হৈ পৰে গহপুৰৰ চত্ৰং নৈ। বৰ্তমান চত্ৰঙৰ বক্ষস্থলত নাই এটুপিও পানী। পানীৰ সলনি শুদ্ধ বগা বালি আছে নদীখনত।

এই নদীৰ দুয়ো পাৰে থকা কৃষিজীৱী মানুহ এতিয়া বিপদত পৰিছে। আনকি মৃতকৰ নদীত কৰা নিয়মৰ বাবেও এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৰাইজে। কম-বেছি পৰিমাণে বৰষুণ হৈছে যদিও সেই বৰষুণে জীপাল কৰিব পৰা নাই নদীৰ বুকু। শুকান হৈ পৰি আছে খেতি পথাৰ। বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয়ই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...