উত্তৰ-পূব তথা অসমত কেইখন আসন পাব বিজেপিয়ে?

ৰাজ্য সফলতাৰে সম্পন্ন হ’ল তিনিওটা পৰ্যায়ৰ নিৰ্বাচন। ফলাফলৰ বাবে ৰ’ব লাগিব ৪ জুনলৈ। কোন দলে কিমান আসন পাব নিৰ্বাচনত? প্ৰতিটো দলে কৰিছে পূৰ্বানুমান, কি হ’ব নিৰ্বাচনী ফলাফল? অসমত নিৰ্বাচন অন্ত পৰাৰ পিছত প্ৰথমবাৰলৈ NKTVত ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ উত্তৰ-পূব তথা অসমত কেইখন আসন পাব বিজেপিয়ে?। এই সন্দৰ্ভত কলকাতাত NKTV বাংলাক ক’লে ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী– ‘উত্তৰ-পূবত ২৫খন আসনৰ ২২ খনেই পাব বিজেপিয়ে’। ‘অসমত ১২খন পোৱাটো নিশ্চিত মিত্ৰজোঁটে’। অৱশ্যে মিত্ৰজোঁট অসমত এখন আসন বাঢ়িবও পাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। অসমত ১৪খনৰ ১৩খন আসনেই পাব বিজেপিয়ে বুলি দাবী মুখ্যমন্ত্ৰী।

কিন্তু মুখ্যমন্ত্ৰীৰ এই দাবীৰ বিপৰীতে প্ৰতিটো দলৰ প্ৰতিজন প্ৰাৰ্থিয়েই আত্মবিশ্বাসী। ধুবুৰীৰ চৰ্চা চলিছে এইবাৰ উৎখাত হ’ব আজমলৰ দুৰ্গ। সেই সন্দৰ্ভত আজমল স্পষ্ট কথা, ধুবুৰীত আজমলেই মাৰিব শেষ হাঁহি। কেৱল ধুবুৰী নহয়, নগাঁও আৰু কৰিমগঞ্জতো AIUDF জয়ী হব বুলি আত্মবিশ্বাসী বদৰুদ্দিন আজমল। বৃহস্পতিবাৰে বিজেপি মন্ত্ৰী ৰঞ্জিত দাসে ধুবুৰীত ৰকিবুল হুছেইনৰ জয় প্ৰায় নিশ্চিত বুলি কৰিছিল মন্তব্য। মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্যৰো প্ৰত্যুত্তৰ দিলে অজমলে।

ইপিনে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ স্পষ্ট কথা। আসন বৃদ্ধি হব কংগ্ৰেছৰ,কেৱল আসন বৃদ্ধিয়েই নহয় এক কথাত নাচোৰবান্দা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। বদৰুদ্দিন আজমলৰ দাবীক নস্যাৎ কৰি ধুবুৰীত ৰকিবুল হুছেইন পৰাস্ত হলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিবলৈ সাজু ভূপেন বৰা।

বিজেপি বিধায়ক সুশান্ত বৰগোহাঁইৰ মতে এইবাৰ নিৰ্বাচনত বিজেপিৰ আসনৰ সংখ্যা পুৰ্বতকৈ বাঢ়িব। ১৪ খন আসনৰ ভিতৰত ১২খন আসনেই পাব বিজেপিয়ে।

CPIMৰ বিধায়ক তথা বৰপেটা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰো যথেষ্ট আত্মবিশ্বাসী। বাকী যি কি নহওঁক বিজেপিৰ আসন পূৰ্বতকৈ কমিব অসমত। বৰপেটাত কোন জয় হ’ব খোলাখুলিকৈ নক’লেও তালুকদাৰে ক’লে– এইবাৰ বৰপেটাত হ’ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা।

এনেদৰেই এতিয়া নিৰ্বাচন শেষ হোৱাৰ পিছত অব্যাহত আছে ৰাজনৈতিক দল তথা নেতাৰ হিচাপ–নিকাচ। নিজৰ ভাল ফলাফলক লৈ এই মুহূৰ্তত যেন আত্মবিশ্বাসী প্ৰতিটো দল, প্ৰতিগৰাকী প্ৰাৰ্থী। কিন্তু বাস্তৱত জনতা জনাৰ্দনে কাৰ পক্ষত দিলে ৰায়? সকলোৰে অপেক্ষা মাথোঁ ৪ জুনলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...