নাৰায়ণপুৰৰ বকুলগুৰিত আইৰূপী ৭ ভণ্ডৰ আজৱ কাণ্ড

আধুনিকতাৰে জয়জয় ময়ময় সমগ্ৰ বিশ্ব। বিজ্ঞানমনষ্ক বিশ্ববাসীৰ মহাকাশ চলাথ কৰাৰ হেপাঁহ। দোপদদোপে আগুৱাইছে ভাৰতেও। কিন্তু তাৰ মাজতে অসমত ঘটিছে ইটোৰ পাছত সিটো লজ্জাজনক ঘটনা। যি ঘটনাই উদ্বিগ্ন কৰিছে সভ্য সমাজক। নাৰায়ণপুৰৰ বকুলগুৰিত আইৰূপী ৭ ভণ্ডৰ আজৱ কাণ্ড। এটা মিছিং পৰিয়ালৰ ঘৰ লণ্ডভণ্ড কৰি আইৰ ৰূপ লোৱা পুৰুষ-মহিলাই চলালে লুটপাত। অৱশেষত আৰক্ষীৰ জালত পৰিল আটাইকেইজন।

সমাজৰ এই স্খলন কিয়, কেনেকৈ?
মহাকাশ চলাথ কৰিবলৈ ওলোৱা দেশৰ এয়া কেনে বিড়ম্বনা?
অন্ধবিশ্বাসে কোঙা কৰি পেলাবলৈ ওলোৱা তথাকথিত আধুনিক সমাজ

মনত আছেনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে তন্ত্ৰ-মন্ত্ৰ আৰু বেজালি নিষিদ্ধ ঘোষণা কৰিছিল। জাউৰীয়ে জাউৰীয়ে হাত চাপৰি, ৰাজ্যবাসীও যে প্ৰশংসাত পঞ্চমুখ হৈছিল। সেইখন অসমৰেই লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বকুলগুৰিৰ দৃশ্য এয়া। ইয়াত কি হৈছে, কিয় হৈছে। বকুলগুৰি গাঁৱত বিশৃংখলতা বাঢ়িছিল। সেইবাবেই হেনো ৭ গৰাকী পুৰুষ-মহিলাৰ দেহত স্থান লৈছিল আয়ে।
তথাকথিত শিক্ষিত গাঁওবাসীয়ে বিশ্বাসো কৰিছিল সেই কথা
আইক মানি লওক। অৱহেলা নকৰিব। ভগৱান আছে যদি আয়ো আছে। সকলোলৈ সেই আহ্বান জনাই গাঁওবাসীয়ে পূজা-অৰ্চনা কৰিছিল। অনিয়ম, বিশৃংখলতা দূৰ কৰিবলৈ আইৰ আগমন ঘটা বুলি কৈ গাঁওবাসীক নাম-কীৰ্তন আৰু ভাওনা পতাৰো পৰামৰ্শ দিলে। গাঁৱৰ ৰাইজেও আইৰ পৰামৰ্শ অনুসৰি সকলো কৰি গ’ল।
এয়া হেনো অলৌকিক!
কাৰ বাবে গাঁৱত অশান্তি। গাঁওবাসীক বিশেষ এঘৰলৈ লৈ গল আই লম্ভা পুৰুষ মহিলাই। গাঁওবাসীক কলে সেইঘৰ লোকেই সকলো অশান্তিৰ কাৰক।
সেই ঘৰখনত সৃষ্টি হ’ল অভাৱনীয় পৰিস্থিতি
ঘৰৰ আচ-বাব লণ্ড কৰি, মহিলাৰ ওপৰত নিৰ্যাতন চলালে আইৰূপ ভণ্ড, পাষণ্ডই। মহিলাই বোকাত লুটুৰি পুটুৰি হৈ বাগৰিলে। চিঞৰ-বাখৰ কৰিলে। এজনে ঘৰখনৰ মহিলাগৰাকীৰ গাৰ কাপোৰ ফালি চোঁচৰাই বগৰাই দিলে মাটিত। টনা-আজোঁৰা কৰিলে শিশুক।
আইৰূপী ভণ্ডই লুটিলে ধন…
আইৰ ৰূপ লোৱাসকল সুৰাসক্ত। সুৰাৰ ৰাগীতেই অনেক ভংগীমা কৰি দেখুৱায় গাঁওবাসীক। গাঁওবাসীয়েও ভাবে যি কৰিছে আয়ে কৰিছে। তাৰেই পৰিণতি এয়া। উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হ’লগৈ আৰক্ষীয়ে।
আৰক্ষীৰ জালত পৰিল দুই ভাতৃসহ আই
৭জন এতিয়া ৰঙাঘৰৰ আলহী
এজনক হাজিৰ কৰোৱা হৈছে আদালতত

এই ঘটনাক লৈ সৰৱ হৈছে মিছিং জনগোষ্ঠীয় সংগঠন। ভণ্ডকেইটাক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী। কোনদিশে সমাজ? গহপুৰৰ জালুকবাৰীত আই লম্ভা মহিলাই মমিন আলীৰ ঘোঁৰা দুটাকেই ভগৱান সজাই মাটিত বাগৰি কান্দিলে। তাৰ পাছতেই নাৰায়ণপুৰৰ বকুলগুৰিত এই চাঞ্চল্যকৰ ঘটনা। কিন্তু আৰক্ষী-প্ৰশাসনে কৰি থাকে কি। বকুলগুৰিত যোৱা ১০-১৫ দিন ধৰি এই কাণ্ড-কাৰখানা চলি আছিল। কিন্তু আৰক্ষীয়ে উমানেই পোৱা নাছিল ঘটনাই চৰম পৰ্যায় পোৱাৰ পাছতহে আৰক্ষীৰ দৌৰাদৌৰি লাগে কিয়। চৰকাৰে তন্ত্ৰ-মন্ত্ৰৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিছে ঠিকেই। বিধানসভাৰ মজিয়াত ডাঙৰ ডাঙৰ কথা কৈ বাঃ বাঃ ল’লেই জানো হ’ব। গাঁৱে-ভূঞে এই ব্যাধিৰ বিৰুদ্ধে বঢ়াব লাগিব সজাগতা। তাৰ বাবে লব লাগিব পদক্ষেপ। অন্যথা উন্নত ৰাজ্যৰ পাঁচখনৰ ভিতৰত নহয়। অন্ধ বিশ্বাসৰ কৱলত পৰা ৰাজ্যৰ তালিকাতহে স্থান পাব অসমে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...